Rupaliparda.com
মুক্তি পালে "নয়না"- দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছে "নয়না" ইঃ 1

মুক্তি পালে “নয়না”- দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছে “নয়না” ইঃ

বৰ্তমান সময়ত নতুনত্বৰ এক অন্য ঢৌৱে শ্ৰোতাৰ হৃদয় কৰিছে। সেয়া লাগিলে, সংগীততেই হওঁক অথবা অসমীয়া ছবিৰ ক্ষেত্ৰতেই হওঁক। দোপক-দোপে আগবাঢ়িছে প্ৰত্যেকখন ক্ষেত্ৰ; নৱ-প্ৰজন্মৰ ন-ন কৌশলে আমোদ প্ৰদান কৰিছে এতিয়া জনসাধাৰণক। এনে পৰিপ্ৰেক্ষিততে, যোৱা কালি অৰ্থাৎ ৯ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰিলে “নয়না”।

মুক্তি পালে "নয়না"- দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছে "নয়না" ইঃ 2
মুক্তি পালে "নয়না"- দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছে "নয়না" ইঃ 3


কেইবাগৰাকীও নৱ-প্ৰজন্মৰ শিল্পীৰ প্ৰতিভাৰে নিৰ্মিত এই গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসমীয়া সংগীত ক্ষেত্ৰ খনৰ কেইবাগৰাকীও জনপ্ৰিয় কন্ঠশিল্পী। দীক্ষু, আচুৰ্য্য বৰপাত্ৰকে ধৰি কেইবাগৰাকীও শিল্পীক দেখিবলৈ পোৱা যায় উক্ত অনুষ্ঠানখনত। কেইবাদিনৰ পৰা চচিয়েল মিডিয়াত দৰ্শকক আকৰ্ষিত কৰি ৰাখিবলৈ উক্ত গীতটিক উদ্দেশ্যি বিভিন্ন পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছিল।

মুক্তি পালে "নয়না"- দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছে "নয়না" ইঃ 4
মুক্তি পালে "নয়না"- দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছে "নয়না" ইঃ 5


উল্লেখ্য যে, গীতটি মুক্তি লাভ কৰা পিছতেই ই লাভ কৰিছে শ্ৰোতাৰ বহুল সমাদৰ। গীতটিত “ৰেপ” ৰ সংযোজন কৰি ইয়াক আৰু অধিক উপভোগ্য কৰিছে চয়নিকা বৈশ্য (Synicah) য়ে। “নয়না” লিখিছে ডানিছে লগতে ইয়াত সংগীত দিছে মাছমিথ (Masmyth) য়ে। সুৰভি দাস আৰু ত্ৰিদীপ গগৈৰ অভিনয়ৰে গীতটি পৰিচালনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.