Rupaliparda.com
"অংগ্ৰেজী মিডিয়াম" ক লৈ ইৰফান খানৰ ভাবুক বাৰ্তাঃ 1

“অংগ্ৰেজী মিডিয়াম” ক লৈ ইৰফান খানৰ ভাবুক বাৰ্তাঃ

বিগত বহু দিনৰ পৰাই ইৰফান খানৰ আগন্তুক ছবি “অংগ্ৰেজী মিডিয়াম” য়ে চৰ্চা লাভ কৰি আহিছে। প্ৰথমতে, এই ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে য’ত ইৰফান খানৰ সৈতে দেখিবলৈ পোৱা গৈছে অভিনেত্ৰী ৰাধিকা মদানকো। ১৩ ফেব্ৰুৱাৰী তাৰিখে মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰ দৰ্শকৰ মাজলৈ অহাৰ পূৰ্বেই অভিনেতা গৰাকীয়ে এক ভাবুক মেছেজ মুক্তি কৰে।

"অংগ্ৰেজী মিডিয়াম" ক লৈ ইৰফান খানৰ ভাবুক বাৰ্তাঃ 2


ছবিখনৰ পোষ্টাৰত ইৰফানক ইংলেণ্ডৰ মহাৰাণীৰ গাৰ্ডৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে য’ত তেওঁৰ সৈতে তেওঁৰ কন্যা ৰাধিকাও আছে। আছলতে, ছবিখনত ৰাধিকাই ইৰফানৰ জীয়ৰী চৰিত্ৰ ৰূপায়ন কৰিছে। ইৰফানৰ ভাবুক মেছেজটোৰ সৈতে ছবিখনৰ কেইখনমান স্থিৰ চিত্ৰ দেখিবলৈ পোৱা গৈছে; লগতে ইয়াত কৰীণা কাপুৰ, ৰণৱীৰ শোৰী, পংকজ ত্ৰিপাঠী, দীপক ডোবৰিয়াক, ডিংপল কপাড়িয়া আদি তাৰকাক দেখিবলৈ পোৱা গৈছে।


উল্লেখ্য যে,২০ মাৰ্চত মুক্তিপাবলগীয়া এই ছবিখন হোমী অদজানিয়াই পৰিচালনা কৰাৰ লগতে দিনেশ বিজানে ইয়াৰ প্ৰযোজনা কৰিছে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.