Rupaliparda.com
মণি বৌৰ পিছত এইবাৰ "সুন্দৰী পমিলা" ৰ সৈতে ভৃগু কাশ্যপঃ 1

মণি বৌৰ পিছত এইবাৰ “সুন্দৰী পমিলা” ৰ সৈতে ভৃগু কাশ্যপঃ

আকৌ এবাৰ ভৃগুৰ কন্ঠৰে আহি আছে এটা ন-গীত। বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত কেইবাটাও গীতৰ পিছত পুনৰ এক নতুন গীতেৰে অনুৰাগীক মোহিত কৰাৰ চেষ্টা কন্ঠশিল্পী গৰাকীৰ। কিছুদিন পূৰ্বে “এংগগেজ” হোৱা ভৃগু কাশ্যপৰ গীত সমূহৰ জনপ্ৰিয়তা আছলতে নক’লেও বুজিব পৰা যায়। বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “ৰামধেনু”, “লাজে লাজে” তথা “মণি বৌ” ৰ পিছত এইবাৰ শ্ৰোতাৰ মাজলৈ আহি আছে “সুন্দৰী পমিলা”।

মণি বৌৰ পিছত এইবাৰ "সুন্দৰী পমিলা" ৰ সৈতে ভৃগু কাশ্যপঃ 2
মণি বৌৰ পিছত এইবাৰ "সুন্দৰী পমিলা" ৰ সৈতে ভৃগু কাশ্যপঃ 3


চলিত মাহৰ ২২ তাৰিখে মুক্তি পাবলগীয়া এই গীতটি লিখিছে ৰেকিবুলে লগতে ইয়াত সংগীত পুলক নাথৰ। ভৃগুয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত গীতটোৰ ফাৰ্ষ্ট লুক পোষ্টাৰ আপলোড কৰি শ্ৰোতাক গীতটিৰ বিষয়ে জানিবলৈ দিয়ে।

Add comment

Leave a Reply

Most popular