Rupaliparda.com
"ডবল" ৰ সোঁৱাদৰ পিছত শ্ৰোতাৰ মাজলৈ পুনৰ বাবুঃ 1

“ডবল” ৰ সোঁৱাদৰ পিছত শ্ৰোতাৰ মাজলৈ পুনৰ বাবুঃ

চেনীমাই ২.০ ৰ শুভ মুক্তিৰ পিছত আকৌ এবাৰ বাবুৰ কন্ঠৰে দৰ্শকৰ মাজলৈ “মম গ’লে”। “ডবল” ৰ সোঁৱাদ দিয়া পিছতেই এইবাৰ প্ৰেমৰ গীতেৰে শ্ৰোতাৰ মাজলৈ আহিছে বাবু। অসমীয়া সংগীত জগতৰ উল্লেখনীয় কন্ঠশিল্পীৰ মাজত বাবু হৈছে এনে এগৰাকী শিল্পী যাৰ অনুৰাগীৰ সংখ্যা তেওঁৰ গীতৰ জনপ্ৰিয়তাই বুজাই দিয়ে। “পেডেল মাৰি মাৰি”, “অ চেনীমাই”, “অ বহনা”, “বাৰিষাৰে বানত” আদিকে ধৰি কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী হৈছে বাবু বৰুৱা।

"ডবল" ৰ সোঁৱাদৰ পিছত শ্ৰোতাৰ মাজলৈ পুনৰ বাবুঃ 2


“দলিচা ২০২০” ত অন্তৰ্ভূক্ত “মম গ’লে” লিখিছে ভাগৱত দৰ্শনে লগতে ইয়াত সংগীত দিছে আকাশ নিবিড় বৰাগোঁহাইয়ে তথা গীতটিৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছিল পলাশ গগৈয়। ২৪ ঘণ্টা নৌহওঁতে ইউটিউবত এই গীতটিয়ে লাভ কৰিছে ৫০ হাজাৰৰো অধিক ভিউৱাৰচ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.