কল্যাণ জ্যোতি বৰা আৰু ৰঞ্জন দত্তৰ প্ৰযোজনাৰে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া ৭বজাত এজন বৰলাৰ জীৱন কাহিনীৰে ৰং চেনেলত প্ৰচাৰিত এখন ধাৰাবাহিক “বৰলা কাই” য়ে সম্পূৰ্ণ কৰিলে নিজ ১৫০০ টা খণ্ড। বিয়াৰ বাবে সাংঘাতিক চেষ্টা কৰাৰ পিছতো “বৰলা” হৈ ৰোৱা “চুতীয়া মাষ্টৰ” ওৰফে “মাষ্টৰ দাদা” ৰ কাহিনীৰে নিৰ্মিত উক্ত ধাৰাবাহিকখনৰ কাহিনী,চিত্ৰনাট্য আৰু সংলাপ বিপুল বশিষ্ঠ গোস্বামীৰ।

ধাৰাবাহিকখনৰ সংলাপত ব্যৱহৃত কামৰূপীয় ভাষাৰ বাবেই আৰু অধিক সুহুতীয়া হৈ পৰিছে। মূল চৰিত্ৰ “বৰলা কাই” ক কেন্দ্ৰ কৰিয়েই ঘূৰি আছে ধাৰাবাহিক খনৰ কাহিনীভাগ। বিয়াৰ বয়স উকলি যোৱাৰ পিছতো ছোৱালী নোপোৱা মাষ্টৰৰ কাহিনীকেই কমেডিৰ টাচ্ছ দি নিৰ্মাণ কৰা হৈছে ধাৰাবাহিকখন। দৰ্শকক হাঁহিবলৈ অৱকাশ দিয়া এই ধাৰাবাহিকখনৰ জনপ্ৰিয়তা আজিও শীৰ্ষত।
Add comment