Rupaliparda.com
"ষ্টেডি কেম" ব্যৱহৃত প্ৰথম অসমীয়া ছবি "বাঁকৰ পুতেক"- 1

“ষ্টেডি কেম” ব্যৱহৃত প্ৰথম অসমীয়া ছবি “বাঁকৰ পুতেক”-

২০১২ চনত মুক্তিপ্ৰাপ্ত অসমীয়া “বাঁকৰ পুতেক” ছবিখনে সেইটো সময়ত ৰাইজৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল যদিও ই সমালোচক সকলৰ পৰা ঋণাত্মক মন্তব্য লাভ কৰে। চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত এই ছবিখন জনবিশ্বাসৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। উক্ত ছবিখনত প্ৰথমবাৰৰ বাবে “ষ্টেডি কেম” ব্যৱহাৰ কৰা হৈছিল।

"ষ্টেডি কেম" ব্যৱহৃত প্ৰথম অসমীয়া ছবি "বাঁকৰ পুতেক"- 2


পানীত থকা এবিধ “অপদেৱতা” ক বাঁক বুলি কোৱা হয় । এই অপদেৱতাই কোনো লোকক হত্যা কৰি তেওঁৰ ৰূপ লয় বুলি এক অন্ধবিশ্বাস ঠাই ডোখৰত প্ৰচলিত হৈ আছিল। ফলত, ছবিখনত অভিনীত নায়ক-নায়িকাই এই অন্ধবিশ্বাসৰ বাবে সমাজৰ পৰা বিভিন্ন ধৰণৰ লাঞ্চনা সহ্য কৰিবলগীয়া হয়। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।

"ষ্টেডি কেম" ব্যৱহৃত প্ৰথম অসমীয়া ছবি "বাঁকৰ পুতেক"- 3
"ষ্টেডি কেম" ব্যৱহৃত প্ৰথম অসমীয়া ছবি "বাঁকৰ পুতেক"- 4


ছবিখনত অভিনয় কৰিছে আকাশদীপ, আঙুৰলতা ডেকা, ৰাগ ঐনিতম, অমল বৰুৱা, প্ৰসেনজিত বৰুৱা, অজিত নাথ, হেমেন কাকতী, সুদৰ্শন বৰুৱা, ৰঞ্জনজ্যোতি দত্ত, মনিকা দাস, পুষ্পেন্দু নাথ, সুশীলা কোঁৱাৰ, মহী বৰা, সমীৰণ বৰুৱা আৰু সীমান্ত ঠাকুৰীয়াই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.