Rupaliparda.com
কোনো ধৰণৰ ভুল নকৰি আগবঢ়াৰ চেষ্টা কৰিছে এতিয়া শ্বাহৰুখ খানেঃ 1

কোনো ধৰণৰ ভুল নকৰি আগবঢ়াৰ চেষ্টা কৰিছে এতিয়া শ্বাহৰুখ খানেঃ

বলীউড চুপাৰষ্টাৰ কিং শ্বাহৰুখ খানৰ বিগত বৰ্ষত অৰ্থাৎ ২০১৯ বৰ্ষত এখনো ছবিয়ে মুক্তি লাভ নকৰিলে। “জিৰো” শ্বাহৰুখৰ শেষৰ খন ছবি আছিল; ইয়াৰ পিছত কোনো ছবিত দৰ্শকে তেওঁক দেখিবলৈ পোৱা নাই। শ্বাহৰুখ খানৰ আগন্তুক ছবি ঘোষণাৰ বাবে তেওঁৰ অনুৰাগী অপেক্ষা কৰিছে যদিও অভিনেতা গৰাকীৰ ইখনৰ পিছত সিখন ফ্লপ ছবিয়ে তেওঁক এতিয়া পুনৰ বাৰ ভাবিবলৈ বাধ্য কৰি পেলাইছে।

কোনো ধৰণৰ ভুল নকৰি আগবঢ়াৰ চেষ্টা কৰিছে এতিয়া শ্বাহৰুখ খানেঃ 2
কোনো ধৰণৰ ভুল নকৰি আগবঢ়াৰ চেষ্টা কৰিছে এতিয়া শ্বাহৰুখ খানেঃ 3


শ্বাহৰুখ খানে এক ফেন ক্লাৱৰ সৈতে হোৱা কথা বতৰাত তেওঁ বস্তু সমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈ আছে বুলি ব্যক্ত কৰাৰ লগতে অভিনেতা গৰাকীক কিছু সময় পূৰ্বে তেওঁক অনুপ্ৰাণিত কৰা এখন ছবি “Bong Joon Ho” ৰ “পেৰাছাইট” বুলি কয়। উল্লেখ্য যে, এই ছবিখনে সোমাবাৰে অনুষ্ঠিত অস্কাৰ এৱাৰ্ডৰ কেইবাটাও খিতাপ নিজৰ নামত কৰিবলৈ সক্ষম হৈছিল। “জোকাৰ” ছবিখনেও অনুপ্ৰাণিত কৰা বুলি মন্তব্য কৰে কিং শ্বাহৰুখ খানে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform