বিশ্বজিৎ বৰাৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত ছবি “লখিমী” য়ে মুক্তিৰ পূৰ্বেই দৰ্শকক আকৰ্ষিত কৰি তুলিছে। ইতিমধ্যে ট্ৰেইলাৰ মুক্তি হোৱা এই ছবিখনৰ চলিত মাহৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰা হ’ব দুটিকৈ গীত। মুম্বাইস্থিত পঞ্চতাৰকা হোটেলৰ “সাহাৰা ষ্টাৰ” ৰ লিংক ক্ৰাফ্টত মুকলি কৰা হ’ব ছবিখনৰ গীত দুটি। উল্লেখ্য যে, গীত মুক্তিৰ লগতেই অসমীয়া ছবিক উদ্দেশ্যি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব।



ইয়াৰ উপৰিও, “লখিমী” ৰ গীত মুকলি অনুষ্ঠানত হিন্দী ছবিৰ তাৰকাৰ লগতে মুম্বাইস্থিত অসমৰ বিভিন্ন গৰাকী শিল্পী উপস্থিত থাকিব। চলিত বৰ্ষৰ ২৪ এপ্ৰিল তাৰিখে মুক্তিপাবলগীয়া পলিটিকেল থ্ৰীলাৰ ধৰ্মী এই ছবিখনত দৰ্শকে কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীক দেখিবলৈ। গাওঁ অঞ্চলৰ ৰাজনৈতিক ব্যৱস্থাক উপস্থাপন কৰা “লখিমী” প্ৰযোজনা কৰিছে আমেৰিকাস্থিত মহেশ চিৰলাই।
Add comment