এগৰাকী কন্ঠশিল্পীয়ে গীতেৰে জনসাধাৰণক মনোৰঞ্জন কৰোৱাৰ সমান্তৰালকৈ সমাজৰ প্ৰতি তেওঁলোকৰ কিছু দায়বদ্ধতাও থাকে। সমাজৰ হিত-অহিত ইত্যাদি বিষয়বোৰৰ প্ৰতি জ্ঞাত হৈ থকাটো আছলতে প্ৰত্যেকজন শিল্পীৰ দায়িত্ব। এনে দায়িত্ব লৈয়ে আগবাঢ়িছে এজন অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী বাবু। কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী বাবুয়ে তেওঁৰ অনুষ্ঠান সমূহ পৰিৱেশনৰ মাজতে বিগত বছৰৰ পৰাই বহুতো নিৰীহ লোকক সহায় কৰাৰ পৰিকল্পনা কৰিছে।

চচিয়েল মিডিয়া যোগে কৰা এক পোষ্টৰ দ্বাৰা তেওঁ জনসাধাৰণৰ সহায়-সহযোগিতাৰ লগতে আশীৰ্বাদ বিচাৰি তেওঁৰ এই প্ৰচেষ্টাৰ বিষয়ে সাধাৰণ জনক সৱিশেষ জানিবলৈ দিয়ে। বাবুয়ে নিৰীহ লোকক বিনামূলীয়া ঔষধ প্ৰদানৰ দায়িত্ব হাতত লৈছে। উল্লেখ্য যে, সমাজৰ প্ৰতি থকা দায়বদ্ধতা সম্পূৰ্ণ ৰূপে পালন কৰা বাবুৰ ইতিমধ্যে মুক্তি লাভ কৰিছে দুটিকৈ গীত ক্ৰমে “চেনীমাই ২.০” আৰু “মম গলে”।
Add comment