Rupaliparda.com
"প্ৰতিটো পল" ৰ জনপ্ৰিয়তাঃ পোন প্ৰথমবাৰৰ বাবে দৰ্শকৰ মাজলৈ "মিছ ইণ্ডিয়া" ৰ প্ৰতিযোগী জ্যোতিস্মিতা- 1

“প্ৰতিটো পল” ৰ জনপ্ৰিয়তাঃ পোন প্ৰথমবাৰৰ বাবে দৰ্শকৰ মাজলৈ “মিছ ইণ্ডিয়া” ৰ প্ৰতিযোগী জ্যোতিস্মিতা-

অসমীয়া সংগীত জগতত একো গৰাকী ন-প্ৰতিভাৰ সংযোজনে শ্ৰোতাকো উৎসাহিত কৰি তুলিছে। এটি-দুটিকৈ মুক্তি লাভ কৰা প্ৰায়বোৰ নতুন গীতৰ জনপ্ৰিয়তা আছলতে ইউটিউবত শ্ৰোতাই দেখিলেই বুজি উঠিব। এনে এটা নতুন গীতে আকৌ এবাৰ শ্ৰোতাৰ মন মুহিবলৈ সক্ষম হৈছে; গীতটি হৈছে অনুৰাগ শইকীয়াৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “প্ৰতিটো পল”।

"প্ৰতিটো পল" ৰ জনপ্ৰিয়তাঃ পোন প্ৰথমবাৰৰ বাবে দৰ্শকৰ মাজলৈ "মিছ ইণ্ডিয়া" ৰ প্ৰতিযোগী জ্যোতিস্মিতা- 2
"প্ৰতিটো পল" ৰ জনপ্ৰিয়তাঃ পোন প্ৰথমবাৰৰ বাবে দৰ্শকৰ মাজলৈ "মিছ ইণ্ডিয়া" ৰ প্ৰতিযোগী জ্যোতিস্মিতা- 3


গীতটিত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ উঠা অভিনেতা দীপজ্যোতি মহন্তই লগতে গীতটিত তেওঁৰ সৈতে অভিনয় কৰিছে “মিছ ইণ্ডিয়া ২০১৯” ৰ প্ৰতিযোগী জ্যোতিস্মিতা বৰুৱাই। উল্লেখ্য যে, পোন প্ৰথমবাৰৰ জ্যোতিস্মিতাক দেখিবলৈ পোৱা গৈছে এটা অসমীয়া মিউজিক ভিডিঅ’ত।

"প্ৰতিটো পল" ৰ জনপ্ৰিয়তাঃ পোন প্ৰথমবাৰৰ বাবে দৰ্শকৰ মাজলৈ "মিছ ইণ্ডিয়া" ৰ প্ৰতিযোগী জ্যোতিস্মিতা- 4


“প্ৰতিটো পল” গীতটি লিখিছে কল্লোল কাশ্যপ মহন্তই লগতে ইয়াৰ সংগীত আৰু কম্পোজ কৰিছে ত্ৰিয়ন মহন্তই। আনহাতে, গীতটিত শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.