গুৱাহাটীত অনুষ্ঠিত হৈ গ’ল বহু চৰ্চিত ৬৫ সংখ্যক “ফিল্মফেয়াৰ” অনুষ্ঠান। মহানগৰীত আগমন ঘটিছিল বলীউডৰ কেইবাগৰাকীও তাৰকা-মহাতাৰকাৰ। বলীউডৰ তাৰকা সকলৰ জাক-জমকতাৰ মাজতেই “ফিল্মফেয়াৰ এৱাৰ্ড” ত পোনপ্ৰথমবাৰৰ বাবে ৩ মিনিট দৈৰ্ঘ্যৰে প্ৰদৰ্শন কৰা হৈছিল অসমীয়াৰ সন্মান তথা গৌৰৱ বিহু নৃত্য। এই বিহু নৃত্যক সমগ্ৰ দৰ্শক তথা বলীউডৰ তাৰকা সকলৰ মাজত প্ৰদৰ্শন কৰে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই।

কিন্তু, আইমীৰ বিহু নৃত্য যোৱাকালি টেলিভিছন পৰ্দাত টেলিকাষ্ট হোৱাৰ পিছতেই এতিয়া বহুল সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰী গৰাকী। বিভিন্ন জনে তেওঁৰ ফটো তথা ভিডিঅ’ত কমেন্ট কৰি অসমীয়াৰ সন্মান হানি কৰা বুলিও সমালোচনা কৰে। আনহাতে, কিছুৱে আকৌ বিহুক বিকৃত ৰূপত প্ৰদৰ্শিত কৰা বুলিও অভিনেত্ৰী গৰাকীৰ ওপৰত আৰোপ দিয়ে।
Add comment