Rupaliparda.com
ভাৰতীয়া বায়ুসেনাৰ পাইলটৰ চৰিত্ৰৰে কংগনা ৰাণাওঁটঃ 1

ভাৰতীয়া বায়ুসেনাৰ পাইলটৰ চৰিত্ৰৰে কংগনা ৰাণাওঁটঃ

কিছুদিন পূৰ্বেই কংগনা ৰাণাওঁটে ঘোষণা কৰিছিল তেওঁৰ আগন্তুক ছবিত কৰিবলগীয়া চৰিত্ৰটিৰ বিষয়ে। কংগনাৰ আহিবলগীয়া ছবি “তেজস” ত তেওঁ ভাৰতীয় বায়ু সেনাৰ পাইলটৰ চৰিত্ৰ ৰূপায়ন কৰিব। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰে মুক্তি লাভ কৰিছে; য’ত কংগনাক বায়ুসেনাৰ ইউনিফৰ্ম পৰিধান কৰা দেখিবলৈ পোৱা গৈছে।


উল্লেখ্য যে, ভাৰতীয় বায়ু সেনা; প্ৰথম ভাৰতীয় সেনা আছিল য’ত পোন প্ৰথমবাৰৰ বাবে ২০১৬ চনৰ মহিলাক অন্তৰ্ভূক্ত কৰা হৈছিল। উক্ত ছবি সন্দৰ্ভত যেতিয়া কংগনা ৰাণাওঁটে কয় যে, “বহুত বাৰ সেনাত কৰ্মৰত বহু সাহসী মহিলাই নিজ দিন-ৰাতি দেশৰ বাবে উৰ্চগিত কৰিছে কিন্তু এওঁলোকক কেতিয়াবা বিভিন্নজনে উপেক্ষাও কৰিছে।”

ভাৰতীয়া বায়ুসেনাৰ পাইলটৰ চৰিত্ৰৰে কংগনা ৰাণাওঁটঃ 2


ইয়াৰ উপৰিও, আগন্তুক “তেজস” ছবিখনৰ চৰিত্ৰটো বাবে উৎসাহিতও হৈ আছে বুলি প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে। চলিত বৰ্ষৰে বাৰিষাত শ্বুটিং হ’বলগীয়া এই ছবিখন মুক্তি লাভ কৰিব ২০২১ বৰ্ষত। সৰ্বেশ মেৱাড়াৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ ৰোনী স্ক্ৰুৱালাই প্ৰযোজনা কৰিছে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.