Rupaliparda.com
২৮ ফেব্ৰুৱাৰীত অনুৰাগ শইকীয়াৰ "প্ৰজেক্ট বৰগীত"- 1

২৮ ফেব্ৰুৱাৰীত অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত”-

ঘোষণা কৰা হ’ল অনুৰাগ শইকীয়াৰ সপোন “প্ৰজেক্ট বৰগীত” ৰ মুক্তিৰ তাৰিখ। বহু প্ৰত্যাশিত অনুৰাগ শইকীয়াৰ এই প্ৰকল্পটি মুক্তি লাভ কৰিব চলিত মাহৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে। বিগত বছৰৰ ডিচেম্বৰ মাহৰ ১ তাৰিখে মুক্তিপ্ৰাপ্ত প্ৰকল্পটোৰ প্ৰথমটো খণ্ডয়ে ইতিমধ্যে দৰ্শকক আকৰ্ষিত কৰি তুলিছিল। ৫০০ বছৰ পুৰণি গুৰুদুজনাৰ বৰগীতক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰোৱাৰ যি সপোন; সেই সপোনক বাস্তৱত ৰূপায়িত কৰাত সফল বুলিব পাৰি সংগীত পৰিচালক অনুৰাগক।

২৮ ফেব্ৰুৱাৰীত অনুৰাগ শইকীয়াৰ "প্ৰজেক্ট বৰগীত"- 2


উল্লেখ্য যে, দুটিকৈ বৰগীত ক্ৰমে “আৰে কম্পিত” আৰু “ফাগু খেলে” ক চলিত বৰ্ষৰ ৬ এপ্ৰিলত মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ ত বাণীবন্ধনৰ কাম সম্পূৰ্ণ কৰা হয়। বৰগীত দুটিত কোনো ধৰণৰ ফিউজন প্ৰদান নকৰি কেৱল মাত্ৰ তাক ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছে। অনুৰাগ শইকীয়াৰ পৰিচালনাত সৃষ্ট এই প্ৰকল্পটিত বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে অংশগ্ৰহণ কৰে ১৫ গৰাকী কলা-কুশলীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.