Rupaliparda.com
বাবুৰ "ৰুক্মিণী" ত ১৫ মিলিয়ন ভিউৱাৰচঃ 1

বাবুৰ “ৰুক্মিণী” ত ১৫ মিলিয়ন ভিউৱাৰচঃ

কন্ঠশিল্পী বাবুৰ গীত সমূহ মুক্তি লাভ কৰা পিছতেই লাভ কৰে দৰ্শকৰ জনপ্ৰিয়তা। তেওঁৰ প্ৰত্যেকটা গীতে কিছুসময়ৰ ভিতৰতে লাভ কৰে মিলিয়নৰ অংক। কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী বাবুয়ে অলপতে নিৰীহ লোকক সহায় কৰাৰ বাবে এক আঁচনিও হাতত লয়; যাৰ বাবে দৰ্শকৰ পৰা তেওঁ বিভিন্ন সহায়-সহযোগিতা আগবঢ়াবলৈ আবেদন কৰে।

বাবুৰ "ৰুক্মিণী" ত ১৫ মিলিয়ন ভিউৱাৰচঃ 2


এইখিনিতে, উল্লেখ্য যে; বিগত বছৰত মুক্তিপ্ৰাপ্ত তেওঁৰ এটি জনপ্ৰিয় গীত “ৰুক্মিণী” য়ে ইতিমধ্যে লাভ কৰিলে ১৫ মিলিয়নৰো অধিক ভিউৱাৰচ। “টাইমছ মিউজিক আছামিছ” শীৰ্ষক ইউটিউব চেনেলত মুক্তিপ্ৰাপ্ত এই গীতটিৰ জনপ্ৰিয়তা বৰ্তমানেও অব্যাহত। আকাশ প্ৰীতম আৰু অপূৰ্বৰ কথাৰে নিৰ্মিত এই গীতটিত সুৰ দিছে ক্ষীৰোদ দত্তই। লগতে, গীতটিত সংগীত তথা শব্দ সংমিশ্ৰণ কৰিছে আকাশ প্ৰীতমে। “ৰুক্মিণী” ত অভিনয় কৰিছে উৎপল দাস আৰু ৰিম্পী দাসে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.