Rupaliparda.com
বিদিশাৰ নতুন সংযোজন "জিয়া জিয়া"- 1

বিদিশাৰ নতুন সংযোজন “জিয়া জিয়া”-

প্ৰতিভাৰ এক সুন্দৰ নিদৰ্শন পোৱা যায় অসমত। ইয়াত চুকে-কোণে থকা প্ৰতিভাই প্ৰায়ে অসমক গৌৰমান্বিত কৰি তোলে নিজ কৰ্মৰাজিৰে।সেয়া লাগিলে অসমীয়া কৃষ্টি-সংস্কৃতিতেই হওঁক নাইবা খেল-ধেমালিতেই হওঁক। এনে পৰিপ্ৰেক্ষিততে, অসমীয়া সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত কেইবাখনো ন-মুখক শ্ৰোতাই আকোঁৱালি লোৱা দেখিবলৈ পোৱা গৈছে। তেনে ন-মুখৰ ভিতৰত এখন হৈছে কন্ঠশিল্পী বিদিশা নয়ন ভূঞাৰ।

বিদিশাৰ নতুন সংযোজন "জিয়া জিয়া"- 2
বিদিশাৰ নতুন সংযোজন "জিয়া জিয়া"- 3


“ভিজা ভিজা দুচকুতে”, “বাৰিষাৰে বৰষুণে” তথা “মৰম বিচাৰিছো তোমাৰে” শীৰ্ষক কেইবাটিও ৰোমান্টিক গীত শ্ৰোতাক উপহাৰ দিয়া এই গৰাকী কন্ঠশিল্পী বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক গীত “জীয়া জীয়া” ৰ বাবে। উক্ত গীতটিত বিদিশাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে কন্ঠশিল্পী দীক্ষু শৰ্মাই। গীতটি লিখাৰ লগতে কম্পজিচন কৰিছে বিদিশাই নিজেই। গীতটিত সংগীত দিছে প্ৰশান্ত শইকীয়া তথা শব্দ সংমিশ্ৰণ কৰিছে ভূপেশ শইকীয়াই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.