Rupaliparda.com
শিৱৰাত্ৰী বিশেষ কল্লোল বৰঠাকুৰৰ "ঔঁম নৱ শিৱায়"- 1

শিৱৰাত্ৰী বিশেষ কল্লোল বৰঠাকুৰৰ “ঔঁম নৱ শিৱায়”-

“ছিলঙৰে গধুলি, নামি আহে কুঁৱলি” শীৰ্ষক এই গীতটি প্ৰত্যেকজন অসমীয়াৰ বাবেই প্ৰিয় গীত বুলি ক’লেও হয়টো ভুল নহ’ব। গীতটিৰ আঁৰৰ কন্ঠশিল্পী গৰাকীকো শ্ৰোতাক পুনৰ এবাৰ চিনাকী কৰাই দিয়াৰো প্ৰয়োজন নাই। কল্লোল বৰঠাকুৰ; গোলাঘাটৰ লেটেকুজানত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে ১৯৯৯ চনত পোন প্ৰথমবাৰৰ বাবে সংগীত জগত খনত খোজ পেলাইছিল। তাৰ পিছৰ পৰাই তেওঁৰ অব্যাহত আছিল এগৰাকী কন্ঠশিল্পী হিচাপে সফল যাত্ৰা।

শিৱৰাত্ৰী বিশেষ কল্লোল বৰঠাকুৰৰ "ঔঁম নৱ শিৱায়"- 2


অসমীয়া সংগীত ক্ষেত্ৰখনত যদি জনপ্ৰিয় কন্ঠশিল্পীৰ নাম ল’বলগীয়া হয় তেন্তে কল্লোল বৰঠাকুৰৰ নাম লোৱাটো বাহুল্য। সমান্তৰালকৈ, এই গৰাকী শিল্পীৰ কন্ঠৰে আহি আছে শিৱৰাত্ৰী বিশেষ এটি গীত। “ঔঁম নৱ শিৱায়” শীৰ্ষক এই গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত কথা, সুৰ আৰু সংগীত হৈছে কল্লোলৰ নিজৰেই। ভিডিঅ’ আকাৰে প্ৰকাশ পাবলগীয়া এই গীতটিত কৰিঅ’গ্ৰাফী কৰিছে অসীম বৈশ্যই লগতে ইয়াত কল্লোলৰ সৈতে অভিনয় কৰিছে য়াঁজদ্বীপ সিঙে । গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.