Rupaliparda.com
বঙালী অভিনেতা তাপস পালৰ মৃত্যুঃ 1

বঙালী অভিনেতা তাপস পালৰ মৃত্যুঃ

বঙালী অভিনেতা ও তৃণমূল কংগ্ৰেছৰ পূৰ্ব সাংসদ তাপস পাল হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত আজি ইহলীলা সম্বৰণ কৰে। পশ্চিমবংগৰ চন্দ্ৰনগৰত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেতাই ১৯৮০ চনত তৰুণ মজুমদাৰৰ বঙালী ছবি “দাদৰ কীৰ্তি” নামৰ ছবিখনত পোন প্ৰথমবাৰৰ বাবে অভিনয় কৰে। উক্ত ছবিখনত তেওঁৰ সৈতে আছিল মধু ৰায় চৌধুৰী, দেৱৰ্শী ৰায় আৰু সন্ধ্যা ৰায়। বঙালী ছবিত চাৰি বছৰৰ কাম কৰাৰ অন্তত তেওঁ হিন্দী ছবিলৈ আহে।

বঙালী অভিনেতা তাপস পালৰ মৃত্যুঃ 2
বঙালী অভিনেতা তাপস পালৰ মৃত্যুঃ 3


১৯৮৪ চনত মুক্তিপ্ৰাপ্ত হিন্দী ছবি “অবোধ” ত তাপস পালে মাধুৰী দীক্ষিতৰ সহঃঅভিনেতা হিচাপে কাম কৰে। উক্ত ছবিখন মাধুৰীৰ দীক্ষিতৰ ডেবিউ ছবি আছিল।

Add comment

Leave a Reply