Rupaliparda.com
"ৰঘুপতি" ৰে আকৌ এবাৰ নতুনত্বৰ ঢৌ ছবি জগততঃ 1

“ৰঘুপতি” ৰে আকৌ এবাৰ নতুনত্বৰ ঢৌ ছবি জগততঃ

অসমীয়া ছবি সমূহক লৈ এতিয়া এক অইন দৃষ্টিভংগীৰ সৃষ্টি হৈছে চলচিত্ৰ প্ৰেমীৰ মাজত। অসমীয়া ছবিপ্ৰেমী ৰাইজে এতিয়া ইখনৰ পিছত সিখনকৈ ভাল ছবি দেখিবলৈ পাইছে বুলি একাষাৰে কৈ দিলেও ভুল নহ’ব; ইয়াৰ উদাহৰণ আপোনালোকে “কাঞ্চনজংঘা” তথা “ৰত্নাকৰ” ৰ পৰা ইতিমধ্যে পাইছে। জুবিন গাৰ্গ, যতীন বৰাৰ পিছত এইবাৰ ৰবি শৰ্মাই আৰম্ভ কৰিছে তেওঁৰ ছবি “ৰঘুপতি” ৰ শ্বুটিং। সুব্ৰত কাকতিৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে সৰোজ শৰ্মাই।

"ৰঘুপতি" ৰে আকৌ এবাৰ নতুনত্বৰ ঢৌ ছবি জগততঃ 2
"ৰঘুপতি" ৰে আকৌ এবাৰ নতুনত্বৰ ঢৌ ছবি জগততঃ 3


ৰবি শৰ্মাৰ কাহিনীৰে নিৰ্মিত এই ছবিখনৰ শ্বুটিং গোলাঘাট জিলাকে আৰম্ভ কৰি গুৱাহাটীৰ বিভিন্ন লোকেশ্বন তথা বঙাইগাঁও আৰু নলবাৰীত কৰা হৈছে। ৰবি শৰ্মাৰ বাহিৰেও ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অৰুন নাথ , ৰীনা বৰা ,মাধুৰিমা চৌধৰী ,সিদ্বাৰ্থ মুখাৰ্জী , প্ৰীতি কংকনা , সিদ্বাৰ্থ শৰ্মা , অৰুন হাজৰিকা , মনজিৎ শৰ্মা , প্ৰিয়ম পল্লবী , সীমা বৰা , ৰাজ শৰ্মা , অন্তৰীক্ষ চহৰীয়া , মৃদুল কাকতি , বনশ্ৰী কাকতি , জ্যেষ্ঠ অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰ আৰু পৰান বৰঠাকুৰকে ধৰি কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform