Rupaliparda.com
জনপ্ৰিয় ছবি সমালোচক কমল নাহতাৰ সৈতে অংগৰাগ মহন্তঃ 1

জনপ্ৰিয় ছবি সমালোচক কমল নাহতাৰ সৈতে অংগৰাগ মহন্তঃ

অসমীয়া সংগীত জগতত এটা জনপ্ৰিয় নাম হৈছে অংগৰাগ পাপন মহন্তৰ। তেওঁ কেৱল মাত্ৰ অসমীয়া সংস্কৃতিতেই নহয়; বলীউড ক্ষেত্ৰখনতো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। তেওঁৰ কন্ঠৰ দ্বাৰা অসমবাসীক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰম্বান্বিতও কৰিছে অংগৰাগে। এনেপৰিপ্ৰেক্ষিততে, ছবি সমালোচক জনপ্ৰিয় তৰণ আদৰ্শৰ সম্পৰ্কীয় ভাতৃ ও ছবি সমালোচক তথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ঘোষক কমল নাহতাৰ সৈতে এক সাক্ষাৎকাৰত দেখিবলৈ পোৱা যাব এইবাৰ অংগৰাগ পাপন মহন্তক।


বলীউড চেনেল “ETC” তথা “Zee Cinema” ত সম্প্ৰচাৰিত “ETC Bollywood Business” ত কমল নাহতাৰ সৈতে দেখিবলৈ পোৱা যাব কন্ঠশিল্পী গৰাকীক। কন্ঠশিল্পী গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত কৰা পোষ্টত সাক্ষাৎকাৰৰ সময়ছোৱাৰ কিছু মহুূৰ্ত তেওঁ দৰ্শকক দিয়ে।

জনপ্ৰিয় ছবি সমালোচক কমল নাহতাৰ সৈতে অংগৰাগ মহন্তঃ 2


উল্লেখ্য যে, কিছু দিন পূৰ্বে অংগৰাগে ৫০০-৬০০ বছৰ পূৰণি বৰগীতক নিজ কন্ঠৰে পুনৰ বাৰ শ্ৰোতাৰ সমুখলৈ আনিছিল। “বৰগীত ঘোষা সংকলন ১” শীৰ্ষক শ্ৰব্য কেছেট খনৰ দ্বাৰা নৱপ্ৰজন্মক বৰগীতৰ সোঁৱাদ দিবলৈ চেষ্টা কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform