Rupaliparda.com
মেজৰ বিক্ৰম বত্ৰাৰ জীৱনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব শ্বাহৰুখ খানেঃ 1

মেজৰ বিক্ৰম বত্ৰাৰ জীৱনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব শ্বাহৰুখ খানেঃ

বিগত বহু দিনৰ পৰা ডাঙৰ পৰ্দাত দৰ্শকে দেখিবলৈ পোৱা নাছিল বলীউড অভিনেতা শ্বাহৰুখ খানক। কিন্তু বৰ্তমান অহা খবৰ মতে, আগন্তুক “শেৰশাহ” ছবিখনত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক। পিংকৱিলাৰ খবৰ অনুসৰি,শ্বাহৰুখ খানে “শেৰশাহ” ত এক “কেমিয়ো” ৰ চৰিত্ৰ ৰূপায়ন কৰাটো নিশ্চিত। কিন্তু, ই এতিয়াও দৰ্শকৰ আগত আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হোৱা নাই।

মেজৰ বিক্ৰম বত্ৰাৰ জীৱনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব শ্বাহৰুখ খানেঃ 2
মেজৰ বিক্ৰম বত্ৰাৰ জীৱনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব শ্বাহৰুখ খানেঃ 3


“শেৰশাহ” ছবিখন কাৰ্গিল যুদ্ধৰ হীৰো কেপ্তেইন বিক্ৰম বত্ৰাৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। ইয়াত সিদ্ধাৰ্থ মালোহোত্ৰাই ডবৰ ৰ’ল কৰিব; এজন মেজৰ বিক্ৰম বত্ৰাৰ আৰু আনটো চৰিত্ৰ হৈছে তেওঁৰেই ভাতৃ ডিম্পলৰ। ছবিখনত কিয়াৰা আডৱানীয়ে সিদ্ধাৰ্থৰ হ’বলগীয়া পত্নীৰ চৰিত্ৰ ৰূপায়ন কৰিব। উল্লেখ্য যে, “শেৰশাহ” ত শ্বাহৰুখ খানৰ এটা সৰু চৰিত্ৰ থাকিলেও ই প্ৰভাৱশালী হ’ব। শ্বাহৰুখৰ চৰিত্ৰটো বিক্ৰম বত্ৰাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.