Rupaliparda.com
একাদশ সংখ্যক অসমীয়া ছবি "নিমিলা অংক"- 1

একাদশ সংখ্যক অসমীয়া ছবি “নিমিলা অংক”-

১৯৫৫ চনত মুক্তিপ্ৰাপ্ত একাদশ সংখ্যক অসমীয়া ছবিখন হৈছে “নিমিলা অংক”। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক খনৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই ছবিখনৰ চিত্ৰনাট্য হৈছে লক্ষ্যধৰ চৌধুৰীৰ। হাস্যৰস তথা কৰুণৰ মিশ্ৰিত ৰস থকা এই ছবিখনে অসমীয়া ছবিৰ ধাৰা সলনি কৰাত সহায় কৰিছিল।

একাদশ সংখ্যক অসমীয়া ছবি "নিমিলা অংক"- 2


“ছিৰাজ” ৰ বাহিৰে অসমীয়া কোনো ছবিয়ে সফলতাৰ মুখ নেদেখাত ছবি নিৰ্মাণৰ বাবে প্ৰযোজক পোৱাত অসুবিধা হৈছিল। ফলত, ছবি নিৰ্মাণৰ বাবে চান্দাৰ ব্যৱস্থা কৰা হৈছিল। “নিমাতী কইনা” ছবিখনত অভিনীত কেৱল মাত্ৰ অনুপমা ভট্টাচাৰ্যকহে মাননী দি ৰখা হৈছিল; বাকী প্ৰত্যেক কলা-কুশলীক কাপোৰৰ টোপোলা উপহাৰ স্বৰূপ দিয়া হৈছিল।

একাদশ সংখ্যক অসমীয়া ছবি "নিমিলা অংক"- 3

সাংসাৰিক জীৱনৰ অভাৱ-অনাটন সমূহ দেখুৱাই নিৰ্মাণ কৰা এই ছবিখনৰ মূল লক্ষ্য আছিল নিতৌ অভাৱ অনাটনৰ মাজত জীয়াই থকা তাৰণাক প্ৰদৰ্শিত কৰা। ৬৪ হাজাৰ টকীয়া বাজেটৰ এই ছবিখন গুৱাহাটীৰ ছয়-মাইল, পাঞ্জাবাৰী, ৰাজগড়, ফটাশিল আদি ঠাইত চিত্ৰগ্ৰহণ কৰা হৈছিল।

একাদশ সংখ্যক অসমীয়া ছবি "নিমিলা অংক"- 4

ছবিখনত অভিনয় কৰিছিল লক্ষ্যধৰ চৌধুৰী, অনুপমা চক্ৰৱৰ্তী, গিৰিজা
বেগম, ইৰা, ইলা, লীলা, মঞ্জু, মোৱাজ্জিন আলি, জীৱেশ্বৰ চক্ৰৱৰ্তী, হৰেন দাস, বিভূতি চক্ৰৱৰ্তী, যদু বৰা, সূৰ্য বৰা, হেমেন বৰুৱা, যাদৱ দাস, গংগা শৰ্মা, ক্ষীৰদা বিষয়া, প্ৰবোধ দাস, জীৱন শ্ৰীৰাম মেধি, শংকৰ দাস, ধীৰেন দাস, হীৰেন চাহু, ছৌকৎ বদিউৰজ্জামাল, জিণ্টু দত্ত, ললিত বৰা, পূৰ্ণ বৰুৱা, বিমল নাথ, মহম্মদ তাহেৰ, ধৰ্মেশ্বৰ মহন্ত, বীৰেন দত্ত, চাম হুদ, কেশৱ নাথ, তফজ্জুল আলি, আৰ. এন. গোৱেঙ্কা, তাহেউৰ জামাল, ধীৰাজ দাস,ৰমেশ দাস, মহেন্দ্ৰ বৰদলৈ, কিশোৰী পাঠক, কৰুণা শৰ্মা, বকুল বৰুৱা, বীৰেন নাহা আৰু প্ৰিয় দাসে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform