Rupaliparda.com
'৮৩ ছবিত ৰোমী দেৱৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ 1

‘৮৩ ছবিত ৰোমী দেৱৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ

মুক্তিৰ পূৰ্বেই ‘৮৩ ছবিখনে লাভ কৰিছে চৰ্চা। পৰিচালক কৱীৰ খানে যেতিয়াই এই ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰিছিল তেতিয়াৰ পৰাই দৰ্শক উৎসাহিত হৈ পৰিছিল ছবিখনক লৈ। অভিনেতা ৰণৱীৰ সিঙে ভাৰতীয় ক্ৰিকেট টীমৰ পূৰ্ব কেপ্তেইন কপিল দেৱৰ ভূমিকা ৰূপায়ন কৰিছে। ইতিমধ্যে ছবিখনত অন্তৰ্ভূক্ত প্ৰায় খেলুৱৈৰ ফাৰ্ষ্ট লুক পোষ্টাৰ সমুখলৈ আহিছে; এইবাৰ মুক্তি লাভ কৰিলে কপিল দেৱৰ পত্নী ৰোমী দেৱৰ চৰিত্ৰ ৰূপায়ন কৰা দীপিকা পাডুকনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ।


দীপিকা পাডুকনে তেওঁৰ প্ৰত্যেকটো চৰিত্ৰ গুৰুত্ব সহকাৰে ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰতে, তেওঁৰ ‘৮৩ ছবিত মুক্তিপ্ৰাপ্ত দীপিকাৰ ফাৰ্ষ্ট লুক পোষ্টাৰ দেখিয়েই দৰ্শকে বুজিব পাৰিব উক্ত কথাষাৰৰ সত্যতা। এই ছবিখনত দীপিকাক “চৰ্ট হেয়াৰ” ত দেখিবলৈ পাব দৰ্শকে। এপ্ৰিল মাহৰ ১০ তাৰিখে মুক্তি লাভ কৰিব এই ছবিখন।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.