Rupaliparda.com
ভক্তপ্ৰাণ ৰাইজলৈ কন্ঠশিল্পী কল্লোলৰ উপহাৰঃ 1

ভক্তপ্ৰাণ ৰাইজলৈ কন্ঠশিল্পী কল্লোলৰ উপহাৰঃ

মুক্তি লাভ কৰিলে শিৱৰাত্ৰী বিশেষ কল্লোল বৰঠাকুৰৰ কন্ঠৰে গীত “ঔঁম নম শিৱায়”। “ছিলঙৰে গধূলি” শীৰ্ষক গীতটিৰ জৰিয়তে শ্ৰোতাৰ অধিক দৃষ্টি আকৰ্ষণ কৰা এই গৰাকী কন্ঠশিল্পীৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিয়ে লাভ কৰিছে ৰাইজৰ সমাদৰ। আগন্তুক শিৱৰাত্ৰীত ভক্তগণৰ বাবে এক সুন্দৰ গীত উপহাৰ দিয়া বুলি একাষাৰে ক’ব পৰা যায়।

ভক্তপ্ৰাণ ৰাইজলৈ কন্ঠশিল্পী কল্লোলৰ উপহাৰঃ 2


জনপ্ৰিয় কন্ঠশিল্পীৰ তালিকাত অন্তৰ্ভূক্ত কল্লোলৰ অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া। ১৯৯৯ চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ তেওঁৰ কন্ঠই শ্ৰোতাৰ সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছিল। “ঔঁম নম শিৱায়” শীৰ্ষক এই গীতটিৰ কথা, সুৰ আৰু সংগীত কল্লোল বৰঠাকুৰৰ নিজৰেই লগতেই গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে।

Add comment

Leave a Reply