Rupaliparda.com
৪ চেপ্তেম্বৰত কেনী বসুমতাৰীৰ "লোকেল উৎপাত"- 1

৪ চেপ্তেম্বৰত কেনী বসুমতাৰীৰ “লোকেল উৎপাত”-

কেনী বসুমতাৰীৰ আগন্তুক ছবি “লোকেল উৎপাত” ৰ মুকলি কৰা হ’ল টিজাৰ। “লোকেল কুংফু”, “লোকেল কুংফু ২” তথা “চাচপেণ্ডেদেত ইন্সপেক্টৰ” ৰ সফলতাৰ পিছত আকৌ এবাৰ এখন নতুন ছবিৰে আহি আছে কেনী বসুমতাৰী। অগতানুগতিক কাহিনীৰে নিৰ্মিত এই ছবিখনত ভৰপূৰ হাস্যৰসৰ সোঁৱাদ লাভ কৰিব দৰ্শকে। ব্যতিক্ৰমী কাহিনী তথা দৰ্শকক হাঁহিবলৈ অৱকাশ দিয়া এই গৰাকী পৰিচালকৰ প্ৰত্যেকখন ছবিয়েই লাভ কৰিছে দৰ্শকৰ সঁহাৰি।


“লোকেল উৎপাত” ছবিখন পৰিচালনাৰ লগতে ইয়াৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে কেনী বসুমতাৰীৰ। ইয়াৰ উপৰিও, ছবিখনত এক মূখ্য চৰিত্ৰও ৰূপায়ন কৰিছে কেনীয়ে। বনী দেউৰী, পুনম গুৰুঙৰ লগতে হিমাংশু গগৈ আৰু কৌশিক নাথকো দেখিবলৈ পোৱা যাব উক্ত ছবিখনত। চলিত বৰ্ষৰ ৪ ছেপ্তেম্বৰ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব “লোকেল উৎপাত”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.