Rupaliparda.com
"সিংঘম" ৰ তৃতীয়টো সংস্কৰণ লৈ সাজু ৰোহিট ছেট্টীঃ 1

“সিংঘম” ৰ তৃতীয়টো সংস্কৰণ লৈ সাজু ৰোহিট ছেট্টীঃ

অজয় দেৱগণৰ সৈতে “সিংঘম” আৰু ৰণৱীৰ সিঙৰ সৈতে “সিম্বা” ৰ দৰে একোখন জনপ্ৰিয় ছবি দৰ্শকক দিয়াৰ পিছত এইবাৰ ৰোহিট ছেট্টী সাজু হৈছে তেওঁৰ আগন্তুক “সূৰ্য়বংশী” ক লৈ; য’ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে অক্ষয় কুমাৰ তথা কেটৰিণা কাইফে। কিন্তু, এতিয়া এনে অনুভৱ হৈছে যে উক্ত ছবিখনৰ পিছত ৰোহিট ছেট্টীয়ে আকৌ এক ন-ছবিৰ পৰিকল্পনা আৰম্ভ কৰিছে।

"সিংঘম" ৰ তৃতীয়টো সংস্কৰণ লৈ সাজু ৰোহিট ছেট্টীঃ 2
"সিংঘম" ৰ তৃতীয়টো সংস্কৰণ লৈ সাজু ৰোহিট ছেট্টীঃ 3


যেতিয়া ৰোহিট ছেট্টীক “সূৰ্য়ৱংশী” ৰ পিছত তেওঁক আগন্তুক পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল তেওঁ “সিংঘম” ৰ তৃতীয়টো সংস্কৰণৰ বিষয়ে খুলি কয়। উল্লেখ্য যে, ২০১১ চনত মুক্তিপ্ৰাপ্ত “সিংঘম” সেইটো সময়ৰ এখন জনপ্ৰিয় ছবি আছিল। আৰক্ষী জীৱনৰ বিভিন্ন ঘটনা-পৰিঘটনাক কেন্দ্ৰ কৰি এই ছবিখনৰ দ্বিতীয়টো সংস্কৰণেও দৰ্শকৰ সমাদৰ লাভ কৰিছিল।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform