Rupaliparda.com
তাবুৰ নৃত্যৰে এইবাৰ "আমী তোমাৰ"- 1

তাবুৰ নৃত্যৰে এইবাৰ “আমী তোমাৰ”-

চন ২০০৭ ত মুক্তিপ্ৰাপ্ত “ভূল ভূলেইয়া” ছবিখনৰ দ্বিতীয়টো সংস্কৰণ অৰ্থাৎ ইয়াৰ চিকুৱেলৰ শ্বুটিঙ ইতিমধ্যে আৰম্ভ হৈছে। ছবিখনৰ কেইবাটাও অংশৰ শ্বুটিং সম্পন্ন কৰা হৈছে ৰাজস্থানৰ জয়পুৰ অংশত। উক্ত ছবিখনত তাবু, কাৰ্তিক আৰিয়ন তথা কিয়াৰা আদৱানীকো দেখিবলৈ পোৱা যাব। এই ন-ছবিখনত পূৰণা ছবিৰ দুটা গীত অন্তৰ্ভূক্ত কৰা হৈছে। “হৰে ৰাম হৰে ৰাম” আৰু “মেৰে ঢোলনা সুন” শীৰ্ষক এই দুটি গীতক ৰিক্ৰিয়েট কৰা হ’ব।

তাবুৰ নৃত্যৰে এইবাৰ "আমী তোমাৰ"- 2
তাবুৰ নৃত্যৰে এইবাৰ "আমী তোমাৰ"- 3


পূৰণি ছবিখনৰ জনপ্ৰিয় গীত “আমী তোমাৰ” শীৰ্ষক গীতটিত বিদ্যা ৱালনৰ সৈতে নৃত্য কৰিছিল দক্ষিণৰ অভিনেতা বিনীতে। এতিয়া,এই গীতটোত নৃত্য কৰিব অভিনেত্ৰী তাবুয়ে। এই নৃত্যক লৈ বহু গুণে উৎসাহিত হৈ আছে অভিনেত্ৰী গৰাকীও।ছবিখনত ৰাজপাল য়াদৱকো দেখিবলৈ পোৱা যাব। পূৰণি ছবিৰ সেই চৰিত্ৰটোত নহয়; ৰাজপাল য়াদৱক দেখিবলৈ পোৱা যাব আন এক চৰিত্ৰতহে। প্ৰিয়দৰ্শনৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনক লৈ দৰ্শকো উৎসাহিত হৈ আছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.