Rupaliparda.com
জুবিন গাৰ্গৰ ক্ষোভঃ ভিত্তিহীন বাতৰি প্ৰকাশ নকৰাৰ আহ্বান- 1

জুবিন গাৰ্গৰ ক্ষোভঃ ভিত্তিহীন বাতৰি প্ৰকাশ নকৰাৰ আহ্বান-

চলিত মাহৰ ১৫ তাৰিখে কন্ঠশিল্পী মানস ৰৱীনক আজৰা আৰক্ষীয়ে গুৱাহাটী বিমান বন্দৰত “কা” বিৰোধী প্ৰতিবাদ কৰাৰ বাবে আটক কৰে। ইয়াৰ পিছতেই অসমীয়া আগশাৰীৰ এখন সংবাদ পত্ৰ “অসমীয়া খবৰ” ত উক্ত বাতৰিটোক কেন্দ্ৰ কৰি হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ব্যক্ত কৰা এষাৰ বাক্যক বাতৰি আকাৰত প্ৰকাশ কৰা হয়। প্ৰকাশ কৰা বাতৰিটো চচিয়েল মিডিয়াত বহুল ৰূপত ভাইৰেল হোৱাও দেখিবলৈ পোৱা গৈছিল। বাতৰিটোৰ শিৰোনাম আছিল “মানস ৰৱীনে কাক সুধি আন্দোলন কৰিছে, নাজানোঃ জুবিন গাৰ্গ”।

জুবিন গাৰ্গৰ ক্ষোভঃ ভিত্তিহীন বাতৰি প্ৰকাশ নকৰাৰ আহ্বান- 2
জুবিন গাৰ্গৰ ক্ষোভঃ ভিত্তিহীন বাতৰি প্ৰকাশ নকৰাৰ আহ্বান- 3


উক্ত বাতৰিটোক লৈ যোৱা কালি নিজ ফেচবুক পেজত ক্ষোভ ব্যক্ত কৰে কন্ঠশিল্পী জুবিন গাৰ্গে। ইয়াৰ লগতে, তেওঁ পোষ্টটোৰ জৰিয়তে নিজ স্পষ্টীকৰণ দিয়ে। তেওঁ সংবাদ পত্ৰখনক দোষাৰূপ কৰি কয় যে,” আমাৰ মাজত থকা বান্ধোন চিঙিবৰ বাবে কৰা এয়া এক ষড়যন্ত্ৰ”। ইয়াৰ লগতে, জুবিন গাৰ্গে ফিল্মফেয়াৰ এৱাৰ্ডলৈ গৈ মূখ্যমন্ত্ৰীক আলিংগন কৰাক লৈও বাতৰি প্ৰকাশ কৰা সংবাদ মাধ্যমসমূহক উদ্দেশ্যি কয় যে, “মই কি কৰি আছো মই জানো। পৰীক্ষাৰ বাবে “কা” আন্দোলন স্থগিত আছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.