Rupaliparda.com
প্ৰিয়ংকাৰ কন্ঠৰে ৰোমান্টিক গীত "এবাৰ চোৱানা"- 1

প্ৰিয়ংকাৰ কন্ঠৰে ৰোমান্টিক গীত “এবাৰ চোৱানা”-

অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী; যি গৰাকীৰ প্ৰত্যেকটো গীতেই বৰ্তমান জনপ্ৰিয়। ইটোৰ পিছত সিটো গীতৰ সৈতে তেওঁ এতিয়া ৰাজত্ব কৰে প্ৰায় প্ৰত্যেকগৰাকী শ্ৰোতাৰ হৃদয়ত। ২০০৯ বৰ্ষৰ অসমীয়া “জানমণি” ভিচিডি ত “কাহিলী পুৱাতে জান ঐ” গীতটিৰে অসমীয়া সংগীত জগতত খোজ দিয়া এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া।

প্ৰিয়ংকাৰ কন্ঠৰে ৰোমান্টিক গীত "এবাৰ চোৱানা"- 2


“টেক্সি গাড়ী”, “লুইতপৰীয়া গাভৰু” তথা “হেভি হেণ্ডচাম”, “চকু মেলি চোৱানা” “অকুৱা পকোৱা” কে ধৰি কেইবাটাও গীতত কন্ঠদান কৰা প্ৰিয়ংকা ভৰালীৰ প্ৰতিটো গানেই লাভ কৰে দৰ্শকৰ সঁহাৰি। গতিকে,প্ৰিয়ংকাৰ অনুৰাগীলৈ সুখবৰ। আকৌ এবাৰ কন্ঠশিল্পী গৰাকীৰ কন্ঠৰে শুনিবলৈ পাব এটি ৰোমান্টিক গীত “এবাৰ চোৱানা”।

প্ৰিয়ংকাৰ কন্ঠৰে ৰোমান্টিক গীত "এবাৰ চোৱানা"- 3


উক্ত গীতটি লিখিছে কল্লোল কাশ্যপ মহন্তই লগতে ইয়াত সংগীত দিছে ত্ৰিয়ন মহন্তই। গীতটি কম্পোজ কৰিছে ৰোহিট সোনাৰে আৰু গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে।

Add comment

Leave a Reply

Most popular