Rupaliparda.com
শিৱৰ ভক্ত গণলৈ দীক্ষুৰ "মহেশ্বৰা"- 1

শিৱৰ ভক্ত গণলৈ দীক্ষুৰ “মহেশ্বৰা”-

আজি মহা শিৱৰাত্ৰী। কল্লোল বৰঠাকুৰৰ সমান্তৰালকৈ এইবাৰ মুক্তি লাভ কৰিলে কন্ঠশিল্পী দীক্ষুৰ কন্ঠৰে শিৱৰাত্ৰী বিশেষ এটি গীত। “মহেশ্বৰা” শীৰ্ষক এই গীতটিৰে ভক্তপ্ৰাণ শ্ৰোতাক এক আমোদ দিয়াৰ চেষ্টা কৰিছে কন্ঠশিল্পী গৰাকীয়ে। ৫ মিনিট দৈৰ্ঘ্যৰ উক্ত হিন্দী গীতটিয়ে মুক্তিৰ পিছতেই শ্ৰোতাক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।


আছলতে, দীক্ষু শৰ্মাৰ প্ৰত্যেকটো গীতেই শ্ৰোতাৰ মাজত জনপ্ৰিয়। অনুৰাগীয়ে তেওঁৰ একোটা গীতৰ বাবে অপেক্ষা কৰি ৰয় বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। কিছু সময় পূৰ্বে মুক্তিপ্ৰাপ্ত এই গীতটিৰ কথা হৈছে মোহিত পাঠকৰ লগতে ইয়াত সংগীত দিছে দীক্ষুয়ে নিজে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.