বিদিশাৰ কন্ঠৰে মুক্তি লাভ কৰিলে এটি বিহু সুৰীয়া গীত “জীয়া জীয়া”। অভিনেতা কিশোৰ দাসৰ লগতে কন্ঠশিল্পী গৰাকীৰ অভিনয়ৰে মুক্তিপ্ৰাপ্ত এই গীতটিয়ে লাভ কৰিছে শ্ৰোতাৰো যথেষ্ট সঁহাৰি। বিগত বহু দিনৰ পৰা গীতটিক উদ্দেশ্যি চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ আপডেট দিয়া দেখিবলৈ পোৱা গৈছিল কন্ঠশিল্পী গৰাকীক। “জেতুকা ২০২০” ত অন্তৰ্ভূক্ত উক্ত গীতটিয়ে বৰ্তমান লাভ কৰিছে ৯ হাজাৰতকৈও অধিক ভিউৱাৰচ।

“জীয়া জীয়া এই গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছে দীক্ষু শৰ্মাই। গীতটিৰ কথা আৰু কম্পজিচন বিদিশাৰ নিজৰেই। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে ভূপেশ শইকীয়াই।
1 comment