Rupaliparda.com
একে দিনাই মুক্তিপ্ৰাপ্ত নিজ নিজ ছবিক লৈ উৎসাহী বিকি-আয়ূসঃ 1

একে দিনাই মুক্তিপ্ৰাপ্ত নিজ নিজ ছবিক লৈ উৎসাহী বিকি-আয়ূসঃ

বলীউডৰ দুগৰাকী জনপ্ৰিয় অভিনেতাৰ ছবি দুয়োখন একেটা দিনতে মুক্তি পাবলৈ সাজু হৈছে। বিকি কৌশল তথা আয়ূসমান খুৰানা অভিনীত দুয়োখন ছবিক লৈয়ে উৎসাহিত হৈ আছে দৰ্শক সকলো। ভানু প্ৰতাপৰ নিৰ্দেশনাত নিৰ্মিত “ভূতঃ ডা হন্টডে ছিপ, পাৰ্ট১” ছবিখনত বিকি কৌশলৰ সৈতে অভিনয় কৰিছে ভূমি পেডনেকৰ আৰু আশোতষ ৰাণাই। সমান্তৰালকৈ, আয়ূসমানৰ সৈতে “শুভ মংগল জ্যাদা সাৱধান” ত অভিনয় কৰিছে জিতেন্দ্ৰ কুমাৰে।

একে দিনাই মুক্তিপ্ৰাপ্ত নিজ নিজ ছবিক লৈ উৎসাহী বিকি-আয়ূসঃ 2
একে দিনাই মুক্তিপ্ৰাপ্ত নিজ নিজ ছবিক লৈ উৎসাহী বিকি-আয়ূসঃ 3


কিছু সময়ত বলীউডত একে দিনাই মুক্তিপ্ৰাপ্ত ছবিক লৈ তাত অভিনীত অভিনেতাৰ মাজত এখন শীতল যুদ্ধৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। দৰ্শকৰ সঁহাৰিৰো ওপৰ-তল হোৱাত ভয় কৰে ছবিখনৰ সৈতে জড়িত কলা-কুশলী সকলো। কিন্তু, এনে সময়তে এটা ব্যতিক্ৰম দেখিবলৈ পোৱা গ’ল চচিয়েল মিডিয়াত। আয়ূসমান-বিকিয়ে দুয়ো মিলি নিজ ছবিৰ প্ৰচাৰৰ লগতে দৰ্শকক তেওঁৰ ভাতৃসম বন্ধুৰ ছবিৰো আগজাননী দিয়ে। তেওঁলোকৰ এই পোষ্ট এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.