Rupaliparda.com
মুম্বাই প্ৰতিষ্ঠিত অসম জীয়ৰী অভিনেত্ৰী পৰিণীতা বৰঠাকুৰঃ 1

মুম্বাই প্ৰতিষ্ঠিত অসম জীয়ৰী অভিনেত্ৰী পৰিণীতা বৰঠাকুৰঃ

১৯৮৭ চনত জন্মগ্ৰহণ কৰা মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান পৰিণীতা বৰঠাকুৰ অসমীয়া সাংস্কৃতিক জগতৰ এক জনপ্ৰিয় ও সফল নাম। মুনীন বৰুৱাৰ জনপ্ৰিয় ছবি “নায়ক” ৰে অভিনয় জগতত খোজ পেলোৱা এই গৰাকী অভিনেত্ৰীয়ে কেৱল মাত্ৰ অসমীয়া ছবি অথবা ধাৰাবাহিকতে নিজৰ অভিনয়ৰ যাদু চলোৱা নাছিল; তেওঁ হিন্দী ধাৰাবাহিক অথবা জনপ্ৰিয় ছবিতো কাম কৰাৰ সুবিধা লাভ কৰিছে।

মুম্বাই প্ৰতিষ্ঠিত অসম জীয়ৰী অভিনেত্ৰী পৰিণীতা বৰঠাকুৰঃ 2

“চাচ বহু ঔৰ চেনচেক্স” ৰ লগতে কৰীণা আৰু ছেইফ আলি খানৰ ছবি “কোৰবান” ত অভিনীত অভিনেত্ৰী পৰিণীতাক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা। অভিনেত্ৰী গৰাকীয়ে সাৱধান ইণ্ডিয়া, ক্ৰাইম পেট্ৰল, প্ৰীতম প্যাৰস ঔৰ ৱ’ আৰু স্বৰাগ্নি আদি হিন্দী জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল।

মুম্বাই প্ৰতিষ্ঠিত অসম জীয়ৰী অভিনেত্ৰী পৰিণীতা বৰঠাকুৰঃ 3

ইয়াৰ উপৰিও অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে অসমীয়া শ্ৰব্য আৰু ভিডিঅ’ চিডি “পৰিণীতা” কে ধৰি অসমীয়া ছবি “পলে পলে উৰে মন” তথা “গানে কি আনে” ৰ সংগীতত কন্ঠদান কৰিছে।

Add comment

Leave a Reply