Rupaliparda.com
ফাগুনৰ প্ৰেমত এইবাৰ বৰষাঃ 1

ফাগুনৰ প্ৰেমত এইবাৰ বৰষাঃ

শুকান হৃদয়ত প্ৰেমৰ গীতাৰ বজাই আহিলে ফাগুন মাহ। অশান্ত সাধাৰণজন ও অশান্ত হৃদয়ৰ মাজত এক প্ৰেমময় বাৰ্তা কঢ়িয়াই আনে এই ফাগুনৰ বতাহ জাকে। পলাশৰ ৰঙেৰে উপচি পৰে এই অভিমানী ভালপোৱা বোৰ। এনে ফাগুনৰ প্ৰেমত বৰ্তমান এগৰাকী অসমীয়া জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। ফাগুনক লৈ আৱেগপ্ৰৱণ কেইশাৰী মান বাক্য কেপছন দি চচিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীয়ে কেইখনমান ফটো শ্বেয়াৰ কৰে; যি কেইখন বৰ্তমান ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। চাওঁক এই ফটোঃ

ফাগুনৰ প্ৰেমত এইবাৰ বৰষাঃ 2
ফাগুনৰ প্ৰেমত এইবাৰ বৰষাঃ 3


বিগত বছৰত মুক্তিপ্ৰাপ্ত “ৰত্নাকৰ” ছবিত কৰা অভিনয়েৰে দৰ্শকৰ হৃদয় জিনা এই গৰাকী অভিনেত্ৰীয়ে কিছুদিন পূৰ্বে হোৱা বিতৰ্কিত “কা” ৰ বিৰোধিতা কৰি অনুষ্ঠিত আন্দোলনতো সক্ৰিয় ৰূপত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও, অভিনেত্ৰী গৰাকীক এতিয়া বিভিন্ন মিউজিক ভিডিঅ’তো দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply