Rupaliparda.com
"সুন্দৰী পমিলা" ৰ প্ৰথমটো প্ৰমো'- 1

“সুন্দৰী পমিলা” ৰ প্ৰথমটো প্ৰমো’-

বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “ৰামধেনু”, “লাজে লাজে” তথা “মণি বৌ” ৰ পিছত এইবাৰ ভৃগুৰ কন্ঠৰে শেহতীয়াকৈ নিৰ্মিত গীত “সুন্দৰী পমিলা” ৰ আজি বিয়লি ৪ বজাত মুক্তি লাভ কৰিব প্ৰথমটো প্ৰমো’। মুক্তিৰ পিছত কন্ঠশিল্পী গৰাকীৰ প্ৰায় প্ৰত্যেকটো গীতেই ক্ষন্তেকতে মিলিয়নৰ অংকত ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈ বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত আগন্তুক গীতটিক উদ্দেশ্যি ভৃগুৱে নিজ ইনষ্টাগ্ৰামত বিভিন্ন ধৰণৰ পোষ্ট দি দৰ্শকক উৎসাহিত কৰি ৰাখিছে।

https://www.instagram.com/p/B80YcGzJCqd/?utm_source=ig_web_copy_link
"সুন্দৰী পমিলা" ৰ প্ৰথমটো প্ৰমো'- 2


এইখিনিতে উল্লেখ্য যে, “সুন্দৰী পমিলা” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ত দৰ্শকে ভৃগুৰ কন্ঠৰ সৈতে উপভোগ কৰিবলৈ পাব সুন্দৰ নৃত্য। “চুপাৰ ডেন্সাৰ” খিতাপ প্ৰাপ্ত বিশাল আৰু “ডান্স প্লাছ” ৰ ৰাৰ্ণাছ আপ আচ্ছলক পোন প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব “সুন্দৰী পমিলা” ত। গীতটিৰ কথা আৰু সুৰ ৰেকিবুলৰ, লগতে ইয়াত সংগীত দিছে পুলক নাথে।

2 comments

Leave a Reply