Rupaliparda.com
"গে" ৰ পিছত এইবাৰ আয়ূমান "স্ত্ৰী ৰোগ বিশেষজ্ঞ" ৰ চৰিত্ৰৰেঃ 1

“গে” ৰ পিছত এইবাৰ আয়ূমান “স্ত্ৰী ৰোগ বিশেষজ্ঞ” ৰ চৰিত্ৰৰেঃ

বৰ্তমান জনপ্ৰিয় হৈ পৰা বলীউড অভিনেতা সমূহৰ ভিতৰত এগৰাকী হৈছে আয়ূসমান খুৰানা। “বালা” ৰে ২০১৯ ৰ শেষৰ খন সফল ছবি দিয়াৰ পিছত আয়ূসমানে ২০২০ চনটোও আৰম্ভ কৰিছে এক নতুন সফল ছবিৰে। বৰ্তমানেও তেওঁৰ ছবি “শুভ মংগল জ্যাদা সাৱধান”-এ সফলতাৰে ছবিগৃহত দৰ্শকৰ সঁহাৰি লাভ কৰিছে। এনেক্ষেত্ৰতে, “গে” চৰিত্ৰটিৰ পিছত এইবাৰ আয়ূসমানে ৰূপায়ন কৰিব “স্ত্ৰী ৰোগ বিশেষজ্ঞ” ৰ চৰিত্ৰ।

"গে" ৰ পিছত এইবাৰ আয়ূমান "স্ত্ৰী ৰোগ বিশেষজ্ঞ" ৰ চৰিত্ৰৰেঃ 2
"গে" ৰ পিছত এইবাৰ আয়ূমান "স্ত্ৰী ৰোগ বিশেষজ্ঞ" ৰ চৰিত্ৰৰেঃ 3


পিংকভিলাৰ এক খবৰ অনুসৰি, উক্ত চৰিত্ৰটোক লৈ আয়ূসানেও মঞ্জুৰি দিছে। জংগলী পিকছাৰচৰ দ্বাৰা এই ছবিখন নিৰ্মাণ কৰা হ’ব লগতে ছবিখনৰ নাম হ’ব “স্ত্ৰী ৰোগ বিভাগ”। সামাজিক ড্ৰামাৰ কাহিনীৰে নিৰ্মিত এই ছবিখনত আয়ূসমানৰ সৈতে দৰ্শকে দেখিবলৈ পাব আলায়া ফৰ্নীছৰৱালা। অনুভূতি কাশ্যপৰ দ্বাৰা পৰিচালিত হ’বলগীয়া এই ছবিখন আয়ূসমানৰ আন এক সফল ছবি হ’ব বুলি একাষাৰে ক’ব পৰা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.