Rupaliparda.com
চেঞ্চৰ বোৰ্ডে গ্ৰীণ চিগনেল দেখুৱালে "গৰু" কঃ 1

চেঞ্চৰ বোৰ্ডে গ্ৰীণ চিগনেল দেখুৱালে “গৰু” কঃ

চেঞ্চৰ বোৰ্ডে গ্ৰীণ চিগনেল দেখুৱালে হিমাংশু প্ৰসাদ দাসৰ আগন্তুক বহু প্ৰত্যাশিত ছবি “গৰু” ক। চাহজাহানৰ “গৰু” নামৰ উপন্যাস খনৰ কাহিনীৰ আধাৰিত নিৰ্মিত এই ছবিখনে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ মে’ মাহৰ ১ তাৰিখে। সদায় নিজৰ সৃষ্টিত নতুনত্ব অনা হিমাংশু প্ৰসাদ দাসৰ এই ছবিখনেই জনসাধাৰণক হাঁহিৰ খোঁৰাক যোগাব।


ইতিমধ্যে ছবিখনৰ মুক্তিপ্ৰাপ্ত গীতসমূহে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। ছবিখনৰ প্ৰমশ্ব’নেল গীতটিত দীপলিনা ডেকা আৰু মিনিমিয়ে কন্ঠদান কৰাৰ লগতে ছবিখনত অন্তুৰ্ভূক্ত আন এটি গীত “ধিক্কাৰ এই জীৱন” ত কন্ঠদান কৰিছে অংগৰাগ মহন্ত আৰু পৰিচালক হিমাংশু প্ৰসাদ দাসে। আনহাতে, আকৌ আন এটি গীত “চকু মেলি চোৱা” ত কন্ঠদান কৰিছে দীক্ষু শৰ্মাই। চিনেমাখনৰ “পাহি মেলি” শীৰ্ষক গীতটিত কন্ঠদান কৰিছে তৰালী শৰ্মা আৰু নীল আকাশে।

চেঞ্চৰ বোৰ্ডে গ্ৰীণ চিগনেল দেখুৱালে "গৰু" কঃ 2
চেঞ্চৰ বোৰ্ডে গ্ৰীণ চিগনেল দেখুৱালে "গৰু" কঃ 3


আনহাতে, “গৰু” ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে বাহাৰুল ইছলাম, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পাকিজা বেগম তথা চন্দন দাস, কমল লোচন আৰু লনিশ্ৰী দাসে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.