অভিনেতা বৰুণ ধৱন নিজ বন্ধুসুলভ স্বভাৱৰ বাবে জনপ্ৰিয়। এই স্বভাৱটোৰ বাবে দৰ্শকৰ মাজত তেওঁৰ এক ধনাত্মক ব্যক্তিত্ব ওলাই অহা দেখিবলৈ পোৱা যায়। কিন্তু অলপতে, সংঘটিত এক ঘটনাই বৰুণ ধৱনক শংকিত কৰি তুলিছিল। পাৰ্টী লৈ গৈ থকা অৱস্থাত এগৰাকী ফটোগ্ৰাফাৰৰ ভৰিৰে অভিনেতা গৰাকীৰ গাড়ী চলি যায়। এই ঘটনাটো সংঘটিত হোৱাৰ ঠিক পিছ মহুূৰ্তত ফটোগ্ৰাফাৰ জনক অভিনেতাগৰাকীয়ে কৰা ব্যৱহাৰে দৃষ্টি আকৰ্ষণ কৰে দৰ্শকৰ।
আছলতে, বৰুণৰ প্ৰেয়সী নতাশাৰ সৈতে তেওঁ এক পাৰ্টীলৈ গৈ থকা অৱস্থাত যেতিয়া এগৰাকী ফটোগ্ৰাফাৰৰ ভৰি অভিনেতাগৰাকীৰ গাড়ীৰ তলত সোমাই পৰিছিল; সেই সময়তে উক্ত স্থানত জনসাধাৰণে আহি ভিৰ কৰে। ভিৰৰ মাজৰ পৰা বৰুণ ধৱন উভতি নগ’ল আৰু ফটোগ্ৰাফাৰ গৰাকীৰ ওচৰলৈ আহি তেওঁৰ অৱস্থা নিৰীক্ষণ কৰে। লগতে তেওঁ কয়, “তোমালোকে কিয় এনে কৰা? মইটো সদায় তোমালোকক ফটো দিয়ো, ওলাই আহি ফটো দিওঁ। কেতিয়া ফটো দিয়া নাই? তোমালোকৰ ওচৰলৈটো মই সদায় আহো।”

ইয়াৰ উপৰিও অভিনেতা গৰাকী সেইটো মূহুৰ্তলৈ উভতি নগ’ল যেতিয়ালৈ ফটোগ্ৰাফাৰ জন সুস্থ হৈছে বুলি জানিব পৰা নাছিল।
Add comment