Rupaliparda.com
তিনিটা দশকত হাস্যৰসেৰে দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাঃ "মিৰেল কুদ্দুচ"- 1

তিনিটা দশকত হাস্যৰসেৰে দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাঃ “মিৰেল কুদ্দুচ”-

সত্তৰ, আশীৰ আৰু নব্বৈ দশকৰ এগৰাকী অসমীয়া জনপ্ৰিয় কৌতুক অভিনেতা হ’ল মিৰেল কুদ্দুচ। গুৱাহাটীস্থিত মাছখোৱাত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেতাই গুৱাহাটী বিশ্ববিদ্যালয়ত জীৱ বিদ্যা বিজ্ঞানত স্নাতকোত্তৰ আৰু আইন পঢ়িছিল যদিও অভিনয়ৰ প্ৰতি থকা ৰাপৰ বাবে তেওঁ শিক্ষাগত জীৱন সাং কৰি অভিনয়ত মনোনিৱেশ কৰে।


জনপ্ৰিয় অভিনেতা তথা পৰিচালক দুলাল ৰয়ে মঞ্চস্থ কৰা প্ৰথমখন নাটক “শুনা জন্মেজয়” তথা “মাছৰ তেলেৰে মাছ”, “চৰকাৰী ইন্সপেক্টৰ” আৰু “অন্ধযুগ” তো তেওঁ অভিনয় কৰে। মিৰেল কুদ্দুচে অভিনয় কৰা প্ৰথমখন ছবি হৈছে গৌৰী বৰ্মন দ্বাৰা পৰিচালিত “এ” চাৰ্টিফিকেট লাভ কৰা “হৃদয়ৰ প্ৰয়োজন” শীৰ্ষক ছবিখনত।

তিনিটা দশকত হাস্যৰসেৰে দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাঃ "মিৰেল কুদ্দুচ"- 2


ইয়াৰ পিছত তেওঁ উত্তৰণ, আদালত, পাপ আৰু প্ৰায়শ্চিত্ত, আশ্ৰয়, পোনাকণ, সাদৰী, সেন্দুৰ, জীৱন সুৰভি, সোণমইনা, বহাগৰ দুপৰীয়া, মন মন্দিৰ, পূজা, অংগীকাৰ, ময়ূৰী, মধুছন্দা, মা, এই দেশ মোৰ দেশ, প্ৰতিমা, প্ৰতিদান, প্ৰতিশোধ, সূত্ৰপাত, পিতা-পুত্ৰ, ধ্ৰুৱতৰা, ৰঙা নদী, প্ৰভাতী পখীৰ গান, প্ৰিয়জন, শ্ৰী মান মাইমন, হৃদয়ৰ আঁৰে আঁৰে, উৰ্বশী, সাগৰলৈ বহুদূৰ, সপোন আৰু দেৱতা নামে ছবিত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।


ইয়াৰ উপৰিও তেওঁ শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাত নিৰ্মিত টেলিফিল্ম “মুক্তবন্দী” আৰু “হাতী” তো অভিনয় কৰে। “পথৰুঘাটে ৰিঙিয়ায়”, “ঘৰত কোন আছে” আৰু “বহাগতে শীত” শীৰ্ষক দূৰদৰ্শনৰ ধাৰাবাহিকতো মিৰেল কুদ্দুচে অভিনয় কৰে।

তিনিটা দশকত হাস্যৰসেৰে দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাঃ "মিৰেল কুদ্দুচ"- 3


হাস্যৰসেৰে দৰ্শকৰ হৃদয়ত বাস কৰা মিৰেল কুদ্দুচক বৰ্তমানেও কোনোৱে পাহৰিব পৰা নাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform