Rupaliparda.com
ৰণৱীৰ-আলিয়াৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্ছনঃ 1

ৰণৱীৰ-আলিয়াৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্ছনঃ

মেগাষ্টাৰ অমিতাভ বচ্ছন বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ মুক্তিক লৈ। আয়ান মূখাৰ্জীৰ দ্বাৰা পৰিচালিত এই ছবিখন ২০২০ বৰ্ষৰ বহু চৰ্চিত এখন ছবি বুলি ক’ব পৰা যায়। ৰণৱীৰ, আলিয়া তথা অমিতাভৰ এই যুঁটিটোক প্ৰথমবাৰৰ বাবে দৰ্শকে দেখিবলৈ পাব ডাঙৰ পৰ্দাত। এনে সময়তে, বিগ-বিয়ে চচিয়েল মিডিয়াত “Then and Now” কেপছনেৰে ৰণৱীৰৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছিল।

ৰণৱীৰ-আলিয়াৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্ছনঃ 2


আনহাতে, চিনিয়ৰ বচ্চনে আকৌ এবাৰ আলিয়াৰ ফটো চচিয়েল মিডিয়াত আপডেট কৰি অভিনেত্ৰী গৰাকীৰ প্ৰশংসা কৰে। উল্লেখ্য যে, “ব্ৰহ্মাস্ত্ৰ” শীৰ্ষক এই ছবিখনত আলিয়া-ৰণৱীৰ-অমিতাভৰ এই যুঁটিটোৰ সৈতে থাকিব নাগাৰ্জুন, ডিংপল কপাড়িয়া আৰু মৌনী ৰয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.