Rupaliparda.com
"ৰেৱতী" ক লৈ অৱশেষত দীক্ষুঃ 1

“ৰেৱতী” ক লৈ অৱশেষত দীক্ষুঃ

এইবাৰ “ৰেৱতী” ক লৈ আহি আছে দীক্ষু। ইতিমধ্যে মুক্তিপ্ৰাপ্ত “ৰেৱতী” শীৰ্ষক এই গীতটিৰ লিৰিকেল ভিডিঅ’টিয়ে শ্ৰোতাক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। চচিয়েল মিডিয়াত গীতটিক উদ্দেশ্যি বিভিন্ন ধৰণৰ পোষ্ট দি কন্ঠশিল্পী গৰাকীয়ে নিজ অনুৰাগীক উৎসাহিত কৰি ৰাখিছে। উল্লেখ্য যে, গীতটিত দীক্ষুৰ সৈতে দেখিবলৈ পোৱা যাব ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসক।

"ৰেৱতী" ক লৈ অৱশেষত দীক্ষুঃ 2


গীতটিৰ শ্বুটিং সময়ছোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ফটো-ভিডিঅ’ ভাইৰেল হৈ উঠিছে বৰ্তমান চচিয়েল মিডিয়াতো। আছলতে, দীক্ষুৰ সমান্তৰালকৈ তেওঁৰ গীত তথা ফিউজন কাপোৰ লগতে কিছু গীতত থকা টুইষ্টৰ সোঁৱাদে শ্ৰোতাৰ সঁহাৰি পাবলৈ সক্ষম হয়। আজি মুক্তিপাবলগীয়া এই গীতটি লিখিছে সুনীত গগৈয়ে আৰু ইয়াত সংগীত দিছে দীক্ষুয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.