Rupaliparda.com
মুক্তিৰ পিছতেই জনপ্ৰিয় "সুন্দৰী পমিলা"- 1

মুক্তিৰ পিছতেই জনপ্ৰিয় “সুন্দৰী পমিলা”-

মুক্তি পালে চলিত বৰ্ষৰ ভৃগু কাশ্যপৰ প্ৰথমটো গীত “সুন্দৰী পমিলা”। ভৃগুৰ কন্ঠ ও দুগৰাকী কণমানি নৃত্য শিল্পী আচ্ছল আৰু বিশালৰ নৃত্যৰে শ্ৰোতাৰ বাবে উপভোগ্য হৈ পৰিছে উক্ত গীতটি। বিগত বহু দিনৰ পৰাই চচিয়েল মিডিয়াত গীতটিক উদ্দেশ্যি বিভিন্ন ধৰণৰ পোষ্ট দিয়াৰ উপৰিও টিক-টিকত ভৃগুৰ এই গীতটিৰ মুক্তিৰ পূৰ্বেই বহুল জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছিল। অলপতে “এংগগেজ” হোৱা ভৃগুৰ প্ৰেয়সী প্ৰিয়ম পল্লৱীকো দেখিবলৈ পোৱা গৈছে “সুন্দৰী পমিলা” ত।

মুক্তিৰ পিছতেই জনপ্ৰিয় "সুন্দৰী পমিলা"- 2


ভৃগু-প্ৰিয়মৰ যুঁটিটোৰ সৈতে নৃত্যশিল্পী দ্বয়ৰ নৃত্যৰ মছলাই গীতটিক কম সময়ৰ ভিতৰতে ইউটিউবত জনপ্ৰিয় কৰি তুলিলে। ৪ লাখতকৈও অধিক ভিউৱাৰচ বৰ্তমান এই গীতটিৰ ভিডিঅ’টোত। গীতটিৰ কথা আৰু সুৰ ৰেকিবুলৰ লগতে ইয়াত সংগীত দিছে পুলক নাথে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform