চলিত বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথমটো সপ্তাহত অনুষ্ঠিত হ’ব “চলচিত্ৰ্ম নেচনেল ফিল্ম ফেষ্টিভেল”। ৬ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব এই ছবি মহোৎসৱখনি। গুৱাহাটীস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ চৌহদত অনুষ্ঠিত হ’বলগীয়া এই ফেষ্টিভেল খনত প্ৰদৰ্শিত কৰা হ’ব বিভিন্ন বিষয়ৰ কেইবাখনো চলচিত্ৰ। উল্লেখ্য যে, আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষেও বিশেষভাৱে নিৰ্বাচিত ছবি প্ৰদৰ্শিত কৰাৰ লগতে ছবি বিষয়ত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব এই মহোৎসৱখনত।


আনহাতে, “চলচিত্ৰম নেশ্বনেল ফিল্ম ফেষ্টিভেল” ত উপস্থিত বিভিন্ন চলচিত্ৰ ব্যক্তিত্ব তথা পৰিচালকৰ সৈতে সাংবাদিককে ধৰি সাধাৰণ লোকে মুকলি মত বিনিময়ৰ সুবিধা লাভ কৰিব। অসমৰ নৱ-প্ৰজন্মৰ চলচিত্ৰ নিৰ্মাতাই এই মহোৎসৱখনত নিজ প্ৰতিভা বিকাশ কৰাৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ চলচিত্ৰ মহোৎসৱৰ আয়োজন, কিউৰেটৰ তথা চলচিত্ৰ সমালোচকৰ সৈতে তেওঁলোকে একান্ত ভাৱে মত বিনিময়ৰ সুবিধা পাব।
Add comment