Rupaliparda.com
মুক্তি পালে বাবণ বৰ্ণিলৰ "সোণচেং"ঃ ন-ৰূপত সুকন্যাঃ 1

মুক্তি পালে বাবণ বৰ্ণিলৰ “সোণচেং”ঃ ন-ৰূপত সুকন্যাঃ

“তলা লগাই থ” , “মৰম লাগি যায়”, “অ’ ৰহিমলা”, “কালদিয়া নৈ” কে ধৰি কেইবাটাও জনপ্ৰিয় গীতত কন্ঠদান কৰি শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰা বাবন বৰ্ণিলৰ এই বৰ্ষৰ প্ৰথমটো গীত “সোণচেং”-এ ইতিমধ্যে লাভ কৰিলে মুক্তি। গীতটিক লৈ বিগত বহু দিনৰ পৰাই কন্ঠশিল্পী গৰাকীয়ে নিজ চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট কৰি আহিছিল। ইউটিউব যোগে মুক্তি প্ৰাপ্ত এই গীতটিয়ে কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছে হাজাৰৰ অংকত ভিউৱাৰচ। আছলতে, গীতটিক লৈ শ্ৰোতা উৎসাহিত হৈ পৰা আন এক কাৰণো নথকা নহয়। “মলয়া বাইদেউৰ জীয়েক” খ্যাত সুকন্যা বৰুৱাক “সোণচেং” ত এক নতুন ৰূপত দেখিবলৈ পোৱা গৈছে।

মুক্তি পালে বাবণ বৰ্ণিলৰ "সোণচেং"ঃ ন-ৰূপত সুকন্যাঃ 2
মুক্তি পালে বাবণ বৰ্ণিলৰ "সোণচেং"ঃ ন-ৰূপত সুকন্যাঃ 3


উক্ত গীতটিত কথাৰ লগতে সুৰ দিছে মিন্ময় মিত্তিকে তথা গীতটিত সংগীত দিছে হৰ্জিৎ দিয়াজে। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে গৌতম ৰাভাই আৰু সোণচেং” ত বাবন বৰ্ণিলৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে দিম্পী সোণোৱালে। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে ইছলাম আৰু ছানিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.