জুবিনৰ কন্ঠত “মৰিলং মৰিলং” গীতটি ছাগে আপোনাৰ মনত আছে। জুবিন গাৰ্গৰ সৈতে অভিনীত অভিনেত্ৰী গৰাকীও জনপ্ৰিয় হৈ পৰিছিল উক্ত বিহু মিউজিক ভিডি’টিৰ পৰাই। অভিনেত্ৰী গৰাকীৰ নাম হৈছে অনন্যা কাশ্যপ। বোকাখাতৰ পৰা আহি গুৱাহাটীত থিতাপি লোৱা এই অভিনেত্ৰী গৰাকীয়ে কেৱল মাত্ৰ “মৰিলং মৰিলং”-এ নহয়; তেওঁ বৰ্তমান অসমীয়া কেইবাটাও মিউজিক ভিডিঅ’ তথা ছবি লগতে ধাৰাবাহিকতো অভিনয় কৰিছে। এইগৰাকী অভিনেত্ৰীলৈ আমি ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো তেওঁৰ জন্মদিনৰ অশেষ শুভকামনা।



সাংস্কৃতিৰ পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হোৱা অনন্যা সৰুৰ পৰা অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশত পাৰ্গত হৈ পৰিছিল। ছবি অঁকা, বিহু নচা তথা নাটক কৰা ইত্যাদি ক্ষেত্ৰত স্কুল বয়সৰ পৰাই তেওঁ জনপ্ৰিয় হৈ উঠিছিল। দশম শ্ৰেণীত থাকোতেই নিজ অভিনয় কেৰিয়াৰৰ পাতনি মেলা অনন্যাই অভিনয় তথা নৃত্যক্ষেত্ৰত লোৱা নাছিল কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা। অনন্যা বৰ্তমান ব্যস্ত ৰং চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিক “বান্ধোন” ক লৈ।
Add comment