Rupaliparda.com
বলীউডৰ সোঁৱাদ লৈ আহি আছে অসমীয়া ছবি "ৰাইনো এক্সপ্ৰেছ"- 1

বলীউডৰ সোঁৱাদ লৈ আহি আছে অসমীয়া ছবি “ৰাইনো এক্সপ্ৰেছ”-

অসমীয়া চিনেমাৰ নতুন জাগৰণৰ প্ৰতি লক্ষ্য ৰাখি লগতে অসমীয়া জনসাধাৰণক অসমীয়া চিনেমাৰ প্ৰতি আকৃষ্ট কৰিবলৈ আহি আছে “ৰাইনো এক্সপ্ৰেছ”। জনসাধাৰণৰ সোৱাদনুযায়ী চিনেমা যোগান ধৰাক লৈ এতিয়া আগবাঢ়িছে “ৰাফ এণ্ড টাফ”, “ধম ধমা ধম” ৰ পৰিচালক মণি সিনহা। “ৰাইনো এক্সপ্ৰেছক” লৈ আশাবাদী পৰিচালক গৰাকীয়ে দৰ্শক আগ্ৰহী কৰাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে। অজয় বাৰ্মাৰ প্ৰযোজনাৰে তথা খুচি এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত এই ছবিখন মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ৫ জুন তাৰিখে।

বলীউডৰ সোঁৱাদ লৈ আহি আছে অসমীয়া ছবি "ৰাইনো এক্সপ্ৰেছ"- 2
বলীউডৰ সোঁৱাদ লৈ আহি আছে অসমীয়া ছবি "ৰাইনো এক্সপ্ৰেছ"- 3


একছন লগতে কমেডি সমৃদ্ধ ছবিখনত অভিনয় কৰিছে অমৃতা গগৈ,বিবেক বৰা,উদয় দুৱৰা,সিদ্ধাৰ্থ শৰ্মা, জিত বৰুৱা, ৰাজীৱ বৰঠাকুৰ, জয়ন্ত ভাগৱতী, ৰেখাশ্ৰুতি নাথ আদিয়ে। বলীউডৰ ছবিৰ নিচিনা দৰ্শকক আকৰ্ষণ কৰিব পৰা শক্তি অসমীয়া ছবিত থাকিলেই ইয়াৰ উন্নতি হ’ব বুলিও উল্লেখ কৰে পৰিচালক সিনহাই। গুৱাহাটীকে ধৰি চান্দডুবি তথা অৰুণাচলত দৃশ্যগ্ৰহণ কৰা এই ছবিখনত অন্তৰ্ভূক্ত গীতত কথা দিছে ৰাজদ্বীপ দে লগতে ডেনিছ আহমেহে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform