Rupaliparda.com
"ভূল-ভূলেয়া ২" ৰ সৈতে জড়িত আন এক জনপ্ৰিয় নামঃ 1

“ভূল-ভূলেয়া ২” ৰ সৈতে জড়িত আন এক জনপ্ৰিয় নামঃ

কাৰ্তিক আৰিয়ন তথা কিয়াৰা আদৱানীৰ ছবি “ভূল ভূলেয়া” ই বিগত বহু দিনৰ পৰাই চৰ্চা লাভ কৰি আহিছিল। এতিয়া এই ছবিখনৰ সৈতে আকৌ এক ডাঙৰ নাম জড়িত হৈ পৰিছে। “অ’ মাই গ’ড”, “বেণ্ডিট কুইন” ইত্যাদি ছবিসমূহত খলনায়কৰ চৰিত্ৰ ৰূপায়ন কৰা গোবিন্দ নামদেৱৰ নাম ইতিমধ্যে ছবিখনৰ বিভিন্ন চৰিত্ৰৰ লগত জড়িত হৈছে। ইয়াৰ উপৰিও এই অভিনেতা গৰাকীক ছলমান খানৰ ছবি “ৰাধেঃ য়’ৰ মষ্ট ওৱান্টেড ভাই” ত দেখিবলৈ পোৱা যাব।

"ভূল-ভূলেয়া ২" ৰ সৈতে জড়িত আন এক জনপ্ৰিয় নামঃ 2
"ভূল-ভূলেয়া ২" ৰ সৈতে জড়িত আন এক জনপ্ৰিয় নামঃ 3


ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰাৰ কথা কোৱাৰ লগতে তেওঁ কয় যে কিয়াৰা আৰু কাৰ্তিক আৰিয়ন দুগৰাকী প্ৰতিভা সম্পন্ন শিল্পী। বৰ্তমান জয়পুৰত শ্বুটিং কৰি থকা গোবিন্দে নৱ-প্ৰজন্মৰ শিল্পীৰ সৈতে কাম কৰিবলৈ পাই উৎসাহিত হৈ থকা বুলিও উল্লেখ কৰে। ইয়াৰ উপৰিও গোৱিন্দ নামদেৱে কয় যে, “ইয়াত মোক সকলোৱে বহুত সন্মান দিয়ে। ছবিখনৰ পৰিচালক অনীজ বস্মী সঁচাকৈ এগৰাকী অসাধাৰণ ব্যক্তি। মুঠতে সকলোবোৰেই সুন্দৰ।” উল্লেখ্য যে, ছবিখনৰ দ্বিতীয়টো পাৰ্টৰ দৃশ্যগ্ৰহণ কৰা হ’ব লক্ষ্ণৌত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.