Rupaliparda.com
জুবিনক কিছুদিনৰ বাবে আমনি নকৰাৰ অনুৰোধ পত্নী গৰিমাৰঃ 1

জুবিনক কিছুদিনৰ বাবে আমনি নকৰাৰ অনুৰোধ পত্নী গৰিমাৰঃ

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ অসুস্থতাই কেওঁফালে সৃষ্টি কৰিছিল উৎকন্ঠাৰ। শিল্পী গৰাকীৰ আশু আৰোগ্য কামনাৰে মন্দিৰে-নামঘৰে চলিচিল নাম-প্ৰসংগ। চচিয়েল মিডিয়াতো শিল্পী গৰাকীক উদ্দেশ্যি বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পোৱা গৈছিল বহু জনৰ। নেমকেয়াৰ হাস্পাতালত ভৰ্তি হৈ থকা জুবিনক বৰ্তমান জিৰণিৰ প্ৰয়োজন বুলি চিকিৎসকে জানিবলৈ দিয়াৰ লগতে হাৰ্টথ্ৰৱ গৰাকীৰ পত্নী গৰিমাইও কিছুদিনৰ বাবে অনুৰাগী সকলক জুবিনক আমনি নকৰিবলৈ আহ্বান জনায়।

জুবিনক কিছুদিনৰ বাবে আমনি নকৰাৰ অনুৰোধ পত্নী গৰিমাৰঃ 2


জুবিন জনসাধাৰণৰ মাজত থাকি ভাল পাই যদিও তেওঁক প্ৰত্যেককে লগ কৰিবলৈ দিয়া হোৱা নাই; যাৰ বাবে সংবাদ মাধ্যমৰ আগত ক্ষমা বিচাৰে পত্নী গৰিমা শইকীয়া গাৰ্গে। লগতে হাস্পাতালৰ কক্ষত আমনি পোৱাৰ বাবেহে জুবিন গাৰ্গক তেওঁৰ ফোনটো দিয়া হৈছে কিন্তু ফোন কৰি তেওঁৰ সৈতে বৰ-বেছি কথা নাপাতিবলৈও কয় গৰিমাই। সোনকালে সুস্থ হোৱাৰ বাবেই জুবিনক বৰ্তমান অকণমান জিৰণিৰ প্ৰয়োজন আৰু ইয়াৰ বাবেই তেওঁক আমনি নকৰিবলৈ কৈছে পত্নী গৰিমাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform