Rupaliparda.com
ভাৰতীয় ছবি জগতৰ জনপ্ৰিয় নাম "মৃণাল সেন"- 1

ভাৰতীয় ছবি জগতৰ জনপ্ৰিয় নাম “মৃণাল সেন”-

ভাৰতীয় চলচিত্ৰ জগতৰ প্ৰসিদ্ধ এজন ছবি নিৰ্মাতা হৈছে মৃণাল সেন। ১৯২৩ চনৰ ১৪ মে’ ত ফৰীদপুৰ নামে ঠাইত জন্মগ্ৰহণ কৰা মৃণাল সেনৰ দ্বাৰা পৰিচালিত প্ৰায়বোৰ ছবিয়ে হৈছে বাংলা ভাষাৰ। তেওঁ নিজৰ শিক্ষা জীৱনৰ বাবে কলকাতালৈ আহি পঢ়া-শুনা আৰম্ভ কৰে। এই ছবি ক্ষেত্ৰৰ ওপৰত নিৰ্মিত এখন কিতাপ মৃণাল সেনৰ হাত লাগিছিল আৰু তাৰ পৰাই তেওঁ ছবি ক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত হোৱা বুলি জানিবলৈ পোৱা যায়। তৎসত্বেও তেওঁ সোমাই পৰা নাছিল এই ক্ষেত্ৰখনত; এগৰাকী এম.আৰৰ বৃত্তি লৈ তেওঁ কলকাতা এৰিবলগীয়াত পৰিছিল কিন্তু আছলতে এয়া বৰ বেছি দিনলৈ নাছিল।

ভাৰতীয় ছবি জগতৰ জনপ্ৰিয় নাম "মৃণাল সেন"- 2
ভাৰতীয় ছবি জগতৰ জনপ্ৰিয় নাম "মৃণাল সেন"- 3


তেওঁ পুনৰ বাৰ কলকাতালৈ উভতি আহি এগৰাকী অডিঅ’ টেকনিছিয়ান ৰূপে কাম আৰম্ভ কৰে কলকতা ফিল্ম ষ্টুডিঅ’ত আৰু এনেদৰেই মৃণাল সেন সোমাই পৰে এই ছবি ক্ষেত্ৰখনত। মৃণাল সেনৰ দ্বাৰা পৰিচালিত প্ৰথম বাংলা ছবি আছিল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত “ৰাত ভোৰে”। ছবিখন অসফল হৈ পৰিছিল যদিও ভাগৰি পৰা নাছিল মৃণাল সেন। তেওঁৰ দ্বিতীয়খন ছবি “আকাশেৰ নীচে” য়ে তেওঁক স্থানীয় সন্মান দিছিল যদিও তেওঁৰ তৃতীয়খন ছবি “বাইশে শ্ৰাৱণ” য়ে তেওঁক বহুল ৰূপত জনসাধাৰণৰ আগত চিনাকী কৰোৱাই দিয়ে। এনেদৰে আৰু পাঁচখন ছবিৰ পৰিচালনাৰ অন্তত মৃণাল সেনে ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰা মূল্যক লৈ পৰিচালনা কৰে “ভূৱন সোমে” নামে এখন ছবি। যিখন ছবিয়ে মৃণাল সেনক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়াৰ লগতে “নতুন চিনেমা” নামৰ এক যুগৰো সৃষ্টি কৰে।

ভাৰতীয় ছবি জগতৰ জনপ্ৰিয় নাম "মৃণাল সেন"- 4

ইয়াৰ পিছত, মৃণাল সেনে যিমানেই ছবি নিৰ্মাণ কৰিছিল সেই আটাইবোৰ ছবি ৰাজনীতিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল আৰু পিছলৈ তেওঁ মাক্সবাদী কলাকাৰ ৰূপে জনাজাত হৈ পৰে। মৃণাল সেনে প্ৰায় ৩০ খনতকৈও অধিক ছবি পৰিচালনা কৰাৰ উপৰিও ১৯৮৩ চনত তেওঁ লাভ কৰে পদ্ম বিভূষণ। ৯৫ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃণাল সেনে ইহলীলা সম্বৰণ কৰে ২০১৮ চনৰ ৩০ ডিচেম্বৰত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform