Rupaliparda.com
মেলা নাই আলিয়া-ৰণৱীৰৰ প্ৰেমত ফাঁটঃ 1

মেলা নাই আলিয়া-ৰণৱীৰৰ প্ৰেমত ফাঁটঃ

বলীউডৰ সবাতোকৈ চৰ্চিত যুঁটি হৈছে ৰণৱীৰ কাপুৰ আৰু আৰু আলিয়া ভাঁটৰ। এই বাতৰি সমূহৰ মাজতে শুনিবলৈ পোৱা গৈছিল যে আলিয়া-ৰণৱীৰৰ প্ৰেমৰ মাজত ফাঁট মেলিছে। কিন্তু বৰ্তমান আলিয়াই এই সকলোবোৰ উৰা বাতৰি উফৰাই অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰে য’ত তেওঁ ৰণৱীৰ কাপুৰৰ নাম লিখে। ইয়াৰ লগতে আকৌ কিছু এনে ফটো সন্মুখলৈ আহিছে যিসমূহে দৰ্শকৰ আগত প্ৰমাণ কৰিছে যে ৰণৱীৰ আৰু আলিয়া একেলগে আছে। কোৱা বাহুল্য যে,আলিয়াৰ জন্মদিনত ৰণৱীৰ কাপুৰৰ সৈতে তেওঁৰ এখনো ফটো নেদেখাৰ ফলত বহুতো জনসাধাৰণে তেওঁলোকৰ ব্ৰেক আপ হোৱা বুলি কোৱাৰ উপৰিও তেওঁলোকক চচিয়েল মিডিয়াত ট্ৰলো কৰা হৈছিল।

মেলা নাই আলিয়া-ৰণৱীৰৰ প্ৰেমত ফাঁটঃ 2


কিন্তু এই সকলোবোৰক অমান্য কৰি আলিয়া ভাটে এখন ফটো আপলোড কৰে য’ত তেওঁ কেপছন দিয়ে, “মোৰ ব্যক্তিগতভাৱে ভাল লগা ফটোগ্ৰাফাৰ RK”। গতিকে ইয়াৰ পৰাই বুজিব পৰা যায় যে, তেওঁলোকৰ মাজত কোনো ধৰণৰ বিচ্ছেদৰ সৃষ্টি হোৱা নাই। ১৯৯৩ চনত জন্মগ্ৰহণ কৰা আলিয়া ভাটে সৰুতেই “সংঘৰ্ষ” নামে ছবিখনত অভিনয় কৰিছিল লগতে কৰণ জহৰৰ ছবি “ষ্টুডেন্ট অৱ দা ইয়েৰ” ৰ পৰা তেওঁ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ লগতে, অভিনেতা ঋষি কাপুৰৰ পুত্ৰ ৰণৱীৰে বলীউডত খোজ দিয়ে “সাৱৰিয়া” ছবিখনৰ পৰা। প্ৰথমখন ছবি ফ্লপ হৈছিল যদিও তেওঁৰ আগন্তুক কেইবাখনো ছবিয়ে দৰ্শকৰ সমাদৰ লাভ কৰে।

https://www.instagram.com/p/B99X60mlLED/?utm_source=ig_web_copy_link
মেলা নাই আলিয়া-ৰণৱীৰৰ প্ৰেমত ফাঁটঃ 3


উল্লেখ্য যে,আলিয়া-ৰণৱীৰ বৰ্তমান তেওঁলোকৰ আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ প্ৰস্তুতিত ব্যস্ত। আয়ান মূখাৰ্জীৰ দ্বাৰা পৰিচালিত ছবিখনৰ প্ৰযোজনা কৰণ জহৰৰ। এই ছবিখনত আলিয়া-ৰণৱীৰৰ সৈতে অভিনয় কৰিব অমিতাভ বচ্চন, মৌনী ৰয় তথা দিম্পল কপাদিয়াই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform