Rupaliparda.com
আহি আছে ন-যুঁতিৰে গীত "মৰম বাঢ়ে"- 1

আহি আছে ন-যুঁতিৰে গীত “মৰম বাঢ়ে”-

অসমীয়া সংগীত ক্ষেত্ৰখনত এনে বহু শিল্পী আছে যাৰ কন্ঠই নিশ্চয় আপোনাক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কাৰোবাৰ অকলশৰীয়া তথা কাৰোবাৰ যুঁটীয়া কন্ঠত শ্ৰোতাৰ মোহৰ লাগি ই অধিক জনপ্ৰিয় হৈ পৰে ক্ষন্তকতে। এই উদাহৰণ ভিতৰত বহুতৰে নাম ল’ব পৰা যায়। আজিৰ নৱপ্ৰজন্মৰ ভিতৰত আন এটা উল্লেখনীয় যুঁটিয়ে মুক্তি দিবলৈ সাজু হৈছে তেওঁলোকৰ আগন্তুক এটি গীত। এই যুঁটিটো হৈছে নীল আকাশ তথা সুবাসনা দত্তৰ। এওঁলোকৰ উল্লেখনীয় অনুৰাগীৰ লগতে এওঁলোকৰ প্ৰত্যেকটো গীতৰ জনপ্ৰিয়তাও মন কৰিবলগীয়া। সুবাসনাৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “মইনাকণ বাখৰ” তথা নীল আকাশৰ “ঈশ্বৰ ঐ” এতিয়ালৈ শ্ৰোতাৰ মন-মগজুত সোমাই আছে। উল্লেখ্য যে, উক্ত যুঁটিটোৰ কন্ঠৰে আহি আছে এটা ন-ৰোমান্টিক গীত “মৰম বাঢ়ে”। গীতটিৰ টিজাৰটি মুক্তি পোৱা পিছতেই এতিয়া শ্ৰোতাৰ মাজত বাঢ়িছে উৎসাহ।

https://www.instagram.com/p/B9UN8iFFx6m/?utm_source=ig_web_copy_link


গীতটিত অভিনয় কৰিছে পূৰ্বে প্ৰচাৰিত ধাৰাবাহিক “বৈদেহী” আৰু “পৰিণীতা” ত অভিনীত অভিনেত্ৰী হিমাক্ষী কলিতাই। “বৰ্ষা মুখৰ সন্ধ্যা” গীতটিৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই গৰাকী অভিনেত্ৰীৰ বাবে জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাই কন্ঠদান কৰা “হিৰাদৈ” আছিল টাৰ্ণিং পইন্ট। তেতিয়াৰ পৰাই দৰ্শকক আকৰ্ষণ কৰা এই গৰাকী অভিনেত্ৰী বৰ্তমান ব্যস্ত উক্ত গীত “মৰম বাঢ়ে” ক লৈ। অভিনেত্ৰী গৰাকীয়ে বিগত বহু দিনৰ পৰাই বৰফৰ মাজত হালধীয়া শাৰী পিন্ধি বিভিন্ন ফটো ইনষ্টাগ্ৰাম যোগে আপলোড কৰি নীল আকাশ-সুবাসনাৰ গীতটিৰ শ্বুটিংৰ আভাষ দৰ্শকক দিছিল। উল্লেখ্য যে, দুমাহ পূৰ্বে অডিঅ’ মুক্তি লাভ কৰা এই গীতটিত কথা দিছে পল্লৱ গগৈয়ে লগতে ইয়াত সুৰ আৰু সংগীত দীপকেশ বৰগোঁহাইৰ।


আনহাতে, আপোনালোকক জনাই থওঁ যে; ১৯৯১ চনত জন্মগ্ৰহণ কৰা নীল আকাশে প্ৰায়ে “হুচৰি বিহু” ত নাচিছিল আৰু পিছলৈ তেওঁ কেইবাখনো বিহু মঞ্চত গীত পৰিৱেশন কৰি বিভিন্ন পৰিচালক ও কম্পোজাৰৰ সমাদৰ লাভ কৰিছিল। বহু সংগ্ৰামৰ অন্তত নীল আকাশে ২০১৬ চনত মুক্তি দিলে তেওঁৰ প্ৰথমখন একক এলবাম “বিহুৱান”; যিয়ে ইউটিউবত এক নতুন ঢৌৰ সৃষ্টি কৰিছিল; লগতে সেই একেটা বৰ্ষতে তেওঁ আনখন এলবাম “এনাজৰী” মুকলি কৰে। দুয়োখন এলবামৰে দ্বিতীয় সংস্কৰণো নীল আকাশে মুকলি কৰে; কোৱা বাহুল্য যে, নীল আকাশৰ গীত “অ’ শকুন্তলা” ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁৰ গীতটিয়ে ইউটিবত ক্ষন্তেকতে লাভ কৰে ১০ লাখতকৈও অধিক ভিউৱাৰচ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.